ছাত্ৰক জাতিগত কটাক্ষ কৰি নিলম্বিত হৈছে অধ্যাপক সূৰ্যনাৰায়ণ দুল্লা। দেশজুৰি এই ঘটনাই তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাৰ সৃষ্টি কৰিছে। পৰীক্ষাৰ হলত ChatGPT ব্যৱহাৰৰ অভিযোগ, তাৰ পিছতে ছাত্ৰজনৰ ৰহস্যজনক মৃত্যু। সেই মৃত্যুক কেন্দ্ৰ কৰি জাতিগত অপমান আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উঠাত চাপৰ সন্মুখীন হৈছে IIT বম্বে।
ঘটনাৰ দুদিনৰ ভিতৰতে অভিযুক্ত অধ্যাপক সূৰ্যনাৰায়ণ দুল্লাক নিলম্বন কৰিলে প্ৰতিষ্ঠানটোৱে। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে মৃত ছাত্ৰ সাহিল ৱাকোড়েৰ পিতৃ-মাতৃয়ে এজাহাৰ দাখিল কৰিছে। একে সময়তে, ঘটনাটোৰ বিষয়ে প্ৰতিষ্ঠানটোৱে পূৰ্বে কৰা মন্তব্যৰ বাবেও ক্ষমা বিচাৰিছে IIT বম্বেই।
শনিবাৰে সাহিলৰ মৃত্যুৰ খবৰ পোহৰলৈ আহে। IIT বম্বেৰ এই ছাত্ৰজন পৰীক্ষাৰ সময়ত ChatGPT ব্যৱহাৰ কৰি থকা অৱস্থাত ধৰা পৰিছিল। ইয়াৰ পিছত সাহিলৰ সৈতে পৰীক্ষক আৰু বিভাগীয় মুৰব্বীয়ে কথা পাতে। পৰীক্ষা শেষ হোৱাৰ পিছত সাহিল নিজৰ হোষ্টেলৰ কোঠালৈ উভতি যায়। সন্ধিয়াৰ সময়ত তেওঁৰ নিথৰ দেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।
ছাত্ৰজনৰ মৃত্যুৰ পিছতে তেওঁৰ পিতৃ-মাতৃয়ে থানাত অভিযোগ দাখিল কৰে। সেই অভিযোগত মূলতঃ অধ্যাপক সূৰ্যনাৰায়ণ দুল্লাৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে। পৰিয়ালৰ অভিযোগ অনুসৰি, পৰীক্ষাৰ হলত ChatGPT ব্যৱহাৰৰ বিষয়টো ধৰা পৰাৰ পিছত সাহিলক নিলম্বন কৰাৰ কথা কৈছিল অধ্যাপকজনে। কেৱল সেয়াই নহয়, সাহিলৰ জাতিগত পৰিচয়ক লৈয়ো অপমানজনক মন্তব্য কৰা হৈছিল বুলি অভিযোগ।
অভিযোগ, কেৱল ঘটনাৰ দিনাই নহয়, বিগত তিনিমাহ ধৰি অধ্যাপকজনে সাহিলক মানসিকভাৱে হাৰাশাস্তি কৰি আহিছিল। দেওবাৰে অধ্যাপক সূৰ্যনাৰায়ণ দুল্লাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। তাৰ পিছদিনা, অৰ্থাৎ সোমবাৰে, IIT বম্বে কৰ্তৃপক্ষই তেওঁক নিলম্বন কৰে। তদন্ত চলি থকাৰ সময়ত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ পৰীক্ষা কৰি চোৱা হৈছে। নিলম্বনৰ লগতে এক বিবৃতিত পূৰ্বৰ মন্তব্যৰ বাবেও ক্ষমা বিচাৰিছে প্ৰতিষ্ঠানটোৱে।
IIT বম্বেৰ তৰফৰ পৰা জনোৱা হৈছে যে সাহিলৰ মৃত্যুৰ বিষয়ে প্ৰতিষ্ঠানটোৱে পূৰ্বে কৰা বক্তব্যৰ বাবে তেওঁলোকে দুখিত। কিন্তু ইয়াতেই প্ৰশ্ন উত্থাপন হৈছে—এতিয়া যদি তদন্ত চলি থকাৰ কথা কোৱা হৈছে, তেন্তে ঘটনাৰ পিছৰ প্ৰথম দুদিনত IIT বম্বেই যি মন্তব্য কৰিছিল, তাৰ ভিত্তি কি আছিল ? আৰম্ভণিৰ পৰাই পৰিয়ালৰ অভিযোগসহ সকলো দিশ কিয় তদন্ত কৰি চোৱা নহ’ল ? এই প্ৰশ্নসমূহেই এতিয়া অধিক জোৰদাৰ হৈ উঠিছে।
এনে এটা স্পৰ্শকাতৰ বিষয়ক লৈ শিক্ষা প্ৰতিষ্ঠান খন ছিৰিয়াছ নোহোৱা আৰু দায়িত্বহীন ষ্টেটমেন্ট দিয়াৰ কাৰণ কি আছিল ? শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীক জাতিগত কটাক্ষ কৰা বিষয়টোক এই ঘটনাই আকৌ জীৱন্ত কৰি দিলে। ভাৰতৰ দৰে এখন দেশৰ বাবে যিটো বিষয় খুবেই দুৰ্ভাগ্যজনক।


