অসম ভূমি ৰাজহ আইন ২০২৬ ত উল্লেখিত খিলঞ্জীয়াৰ সংজ্ঞাৰ বিৰোধিতা ‘প্ৰব্ৰজন বিৰোধী মঞ্চ’ৰ

Published:

অসম ভূমি ৰাজহ আইন ২০২৬ ত উল্লেখিত খিলঞ্জীয়াৰ সংজ্ঞাৰ বিৰোধিতা ‘প্ৰব্ৰজনবিৰোধী মঞ্চ’ৰ। আইনখনৰ বিৰোধিতাৰে দেশৰ প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী, ৰাষ্ট্ৰীয় জনসংখ্যা আয়োগ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষলৈ প্ৰেৰণ কৰিছে পত্ৰ।

আবেদন পত্ৰখনত উল্লেখ কৰা হৈছে যে প্ৰথমতে, যি ৰাজহ আইনে অসমৰ বহুসংখ্যক খিলঞ্জীয়া, পূৰ্ববঙ্গীয় মূলৰ লোক আৰু অনা অসমীয়াক একেটা বৰ্গতে অন্তৰ্ভুক্ত কৰা হৈছে। দ্বিতীয়তে, নতুন কৈ দিয়া খিলঞ্জীয়া সংজ্ঞা অনুসৰি কোনো এজন লোক অসমত ২০০৬ চনৰ পূৰ্বে ২৫ বছৰ বসবাস কৰিলেই আইনগত ভাৱে খিলঞ্জীয়া হ’ব পাৰিব। নতুন আইন খনত দিয়া সংজ্ঞা অনুসৰি অসমত কোনো এজন লোক খিলঞ্জীয়া হ’বলৈ দুটা চৰ্ত পূৰণ কৰিব লাগিব।

প্ৰথমটো চৰ্ত হৈছে যে কোনো এজন লোক ২০০৬ চনৰ পূৰ্বে তিনিটা প্ৰজন্ম অসমত বসবাস কৰিব লাগিব। দ্বিতীয়টো চৰ্ত হৈছে তিনিটা প্ৰজন্মৰ, প্ৰত্যেকটো প্ৰজন্মই অসমত ২৫ বছৰ বসবাস কৰিব লাগিব।

এই সংজ্ঞাটো এনেধৰণে বুজোৱা হৈছে যে তিনিটা প্ৰজন্মৰ বসবাস কৰাৰ সময় যোগ দিলে ৭৫ বছৰ হ’ব। তাৰ মানে ২০০৬ চনৰ পূৰ্বে ৭৫ বছৰ অৰ্থ হৈছে ১৯৩১, চৰকাৰে বুজোৱা অনুসৰি খিলঞ্জীয়া হ’বলৈ অসমত ১৯৩১ চনৰ পৰা বসবাস কৰিব লাগিব। কিন্তু যেনে প্ৰচাৰ কৰা হৈছে সেয়া সম্পূৰ্ণ ভুল। সংজ্ঞাটো যদি আইনগত ভাৱে পৰীক্ষা কৰা হয় তেন্তে খিলঞ্জীয়া হ’বলৈ ভিত্তি বৰ্ষ ১৯৩১ নহয় ১৯৭৯ হ’ব।

উদাহণস্বৰূপে বাংলাদেশৰ পৰা এটা পৰিয়াল যাৰ তিনিটা প্ৰজন্ম আছে পিতৃ, পুত্ৰ আৰু নাতি ১৯৭৯ চনত বাংলাদেশৰ পৰা অসমলৈ আহি বসবাস কৰে। ২০০৬ চনৰ জানুৱাৰীৰ পূৰ্বে সেই পৰিয়ালটোৰ প্ৰত্যেকটো প্ৰজন্মই অসমত ২৫ বছৰ বসবাস কৰিলে। নতুন ভূমি ৰাজহ আইনত দিয়া সংজ্ঞা অনুসৰি তিনিটা প্ৰজন্ম ইতিমধ্যেই অসমত ২৫ বছৰ বসবাস কৰিলে, তেন্তে আইনগত ভাৱে অসমত খিলঞ্জীয়া হ’ল। আইনত টো ১৯৩১ চনৰ ভিত্তি বৰ্ষ উল্লেখ কৰা নাই, সেইয়া চৰকাৰী পক্ষ আৰু বিজেপি সকলেহে কৈছে।

সংজ্ঞাটোত উল্লেখ কৰা নাই যে তিনিটা প্ৰজন্মৰ প্ৰত্যেকটো প্ৰজন্ম এটাৰ পিছত এটা ২৫ বছৰ বসবাস কৰিব লাগিব। সংজ্ঞাটোৰ অনুসৰি প্ৰত্যেকটো প্ৰজন্ম ২৫ বছৰ থাকিলেই হ’ল, যি ১৯৭৯ ত আহিলেও তেওঁ খিলঞ্জীয়া।

এই আইন খনত এই সুৰুঙাটো জানি বুজি ৰখা হৈছে। মূল কাৰণ হৈছে NRC ত খিলঞ্জীয়া বুলি বহু খিনি বাংলাদেশী লোকক অন্তৰ্ভুক্ত কৰা হৈছে , যি তথ্য ২০২১ চনত নগাঁও আৰু কামৰূপ জিলাত ক্ষেত্ৰ ভিত্তিক তদন্ত কৰোঁতে পোৱা গৈছিল। এনেকৈ প্ৰায় ২৫ লাখ বাংলাদেশী লোকক NRC ত অন্তৰ্ভুক্ত কৰোৱা হৈছিল। NRC পুনৰীক্ষণত নিতান্তই এই ২৫ লাখ বাংলাদেশী লোক বাদ পৰিব। কিন্তু খিলঞ্জীয়াৰ এটা নতুন সংজ্ঞা সৃষ্টি কৰি ১৯৭৯ লৈ অহা বাংলাদেশী খিলঞ্জীয়া হৈ NRC ৰ পৰা বাদ নপৰিব।

এই স্পৰ্শকাতৰ বিষয় সমূহ উল্লেখ কৰি প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী, ৰাষ্ট্ৰীয় জন সংখ্যা আয়োগ আৰু বিজেপিৰ কেন্দ্ৰীয় সংগঠন সচিবৰ প্ৰতি আবেদন জনাইছে প্ৰব্ৰজন বিৰোধী মঞ্চই।

পত্ৰখনত লগতে উল্লেখ কৰিছে যে এই সংশোধনী আইনৰ লক্ষ্য হৈছে সত্ৰ সমূহৰ বেদখলী ভূমি মুকলি কৰা। যিটো অসম ভূমি বেদখল আইন ২০১০ চনৰ জৰিয়তে বেদখলি ভূমি উচ্ছেদ কৰিব পাৰে। কিন্তু এনে সংশোধনী আইনৰ দ্বাৰা বেদখলকাৰীক সুৰক্ষাহে দিছে।

POPULAR

RECENT ARTICLES

spot_img