মীৰাবাঈ চানুৱে ৰচিলে ইতিহাস; ২৮ বছৰৰ মূৰত ভাৰোত্তোলনত ভাৰতক দিলে ৰূপৰ পদক

Published:

ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত লাভ কৰিলে ৰূপৰ পদক। মহিলাৰ ৪৯ কেজি ভাৰোত্তোলন শাখাত মণিপুৰৰ জীয়ৰী চানুৱে স্নেচ ৰাউণ্ডত ৮৭ কেজি আৰু ক্লীন এণ্ড জাৰ্ক ৰাউণ্ডত ১১১ কেজিৰ সহায়ত সৰ্বমুঠ ১৯৮ কেজি ওজন দাঙি ৰূপৰ পদক নিশ্চিত কৰে।

আনহাতে ২১৫ কেজি ওজন দাঙি উত্তৰ কোৰিয়াৰ ৰী চোঙে সোণৰ পদক অৰ্জন কৰে। এছিয়ান গেমছত ৰী চোঙৰ এয়া ক্ৰমাগত তৃতীয়টো স্বৰ্ণ পদক।

২৮ বছৰৰ পিছত ৰচিলে ইতিহাস

১৯৫১ চনত ভাৰোত্তোলন খেল এছিয়ান গেমছত অন্তৰ্ভুক্ত হৈছিল। তেতিয়াৰ পৰা ভাৰতে এই পৰ্যন্ত ১৫টা মেডেল লাভ কৰিছে। ইয়াৰ ভিতৰত আছে ৬টা ৰূপ আৰু ৯টা ব্ৰঞ্জ। কিন্তু এই পৰ্যন্ত ভাৰোত্তোলনত ভাৰতে লাভ কৰা নাই এটাও স্বৰ্ণ পদক। ১৯৯৮ চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছত কৰ্ণম মল্লেশ্বৰীয়ে ৰূপৰ পদক অৰ্জন কৰিছিল আৰু তাৰ ২৮ বছৰৰ পিছত মীৰাবাঈ চানুৰ জৰিয়তে এছিয়ান গেমছত আহে ৰূপৰ পদক।

উল্লেখ্য যে, মীৰাবাঈ চানুৰ প্ৰথমটো এছিয়ান গেমছ আছিল ২০১৪ চনত দক্ষিণ কোৰিয়াৰ ইঞ্চিয়োনত অনুষ্ঠিত গেমছ। সেইবাৰ মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই থমকি ৰৈছিল নৱম স্থানত। আঘাতৰ বাবে ২০১৮ জাকাৰ্টা গেমছত অংশ ল’ব পৰা নাছিল যদিও ২০২২ হাংঝাও গেমছৰ জৰিয়তে প্ৰত্যাৱৰ্তন ঘটে চানুৰ।

২০২২ চনৰ এছিয়ান গেমছত মীৰাবাঈ চানুৱে ৪৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই চতুৰ্থ স্থানতে থমকি ৰ’বলগীয়া হৈছিল। দুবাৰকৈ বিফল হোৱাৰ পিছত তেওঁ নিজৰ কেৰিয়াৰৰ তৃতীয়খন এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, জাপানৰ আইচি-নাগোয়াত অব্যাহত থকা এছিয়ান গেমছ-২০২৬ত এই পৰ্যন্ত ভাৰতে এটা সোণ, ৪টা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জৰ পদক লাভ কৰি মেডেল তালিকাত অষ্টম স্থানত আছে।

POPULAR

RECENT ARTICLES

spot_img