দিল্লীত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰে দেশৰ উচ্চতম ন্য়ায়ালয়ে। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই বিষয়ত নিৰ্বাচন আয়োগক জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত উত্তৰ বিচাৰে।
মঙলবাৰে আদালতে কয় যে বৃহৎ সংখ্যক ভোটাৰলৈ প্ৰেৰণ কৰা জাননীসমূহ চিন্তা চৰ্চা নকৰাকৈ বা মেচিনৰ সহায়ত জাৰি কৰা যেন অনুভৱ হৈছে। মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত, ন্যায়াধীশ জয়মালা বাগচি, ন্যায়াধীশ ভি মোহনাৰে গঠিত বিচাৰপীঠে ভাৰতীয় নিৰ্বাচন আয়োগক যুক্তিসংগত অমিল চিনাক্তকৰণৰ ভিত্তি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে।
আবেদনকাৰীৰ হৈ অধিবক্তা প্ৰশান্ত ভূষনে আদালতত যুক্তি দিয়ে যে দিল্লীৰ খচৰা ভোটাৰ তালিকাৰ পৰা ৪৭ লাখৰো অধিক নাম আঁতৰোৱা হৈছে। তদুপৰি তথ্যৰ অভাৱৰ কথা উল্লেখ কৰি ৩৩ লাখ লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে। ভূষণে অভিযোগ কৰে যে সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ নহয় আৰু বৃহৎ পৰিসৰত ভোটাৰৰ নাম ডিলিট কৰা হৈছে।
তেওঁ কয়, “দিল্লীত প্ৰথমে ৪৭ লাখ নাম ডিলিট কৰা হৈছিল। বংগত আপুনি দেখিছিল যে আপীল প্ৰক্ৰিয়াকৰণত ১২ বছৰ লাগিব। তেওঁলোকে খচৰা তালিকাৰ পৰা ৪৭ লাখ নাম ডিলিট কৰিছিল। আয়োগে দাবী কৰিছে যে ইয়াৰে অধিকাংশই স্থানান্তৰ কৰা হৈছে।”
ইফালে নিৰ্বাচন আয়োগৰ হৈ অধিবক্তা ডি এছ নাইডুৱে আবেদনখনৰ প্ৰতিলিপি পোৱা নাই বুলি উল্লেখ কৰে।


