অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছ কাউণ্টি মিউজিয়াম অব আৰ্ট (Los Angeles County Museum of Art )ত সংৰক্ষিত হৈ থকা জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আপুৰুগীয়া সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ সংৰক্ষিত হৈ থকা এটা অংশ ডিজিটেলি প্ৰত্যক্ষ কৰে।
উল্লেখ্য যে এই বস্ত্ৰখনৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হোৱা হেতু বস্ত্ৰখন এবছৰৰ বাবে প্ৰদৰ্শন কৰা হয় আৰু তাৰ পাছত আল্ট্ৰা ভায়’লেট ৰশ্মিৰ দ্বাৰা যাতে ইয়াৰ প্ৰকৃত ৰং বিনষ্ট নহয় তাৰ সংৰক্ষণৰ বাবে বিশেষ সংৰক্ষণ কোঠাত ৰখা হয়।
মিউজিয়াম কৰ্তৃপক্ষই জনোৱা মতে, অহা ২০২৭ চনৰ মে’ মাহৰ পৰা পুনৰ এবছৰৰ বাবে বৃন্দাবনী বস্ত্ৰৰ এই অংশটো দৰ্শনাৰ্থীৰ প্ৰদৰ্শনৰ বাবে ৰখা হ’ব। প্ৰণিধানযোগ্য যে ব্ৰিটিছ মিউজিয়ামৰ চাউথ এণ্ড চাউথ ইষ্ট এছিয়ান কালেকচনচ (South and South East Asian Collections)ৰ কিউৰেটৰ তথা পৰৱৰ্তী সময়ত এই মিউজিয়ামৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া শাখাৰ মুৰব্বী টি ৰিচাৰ্ড ব্লাৰটনৰ “Krishna in the Garden of Assam” গ্ৰন্থখনত লণ্ডন, পেৰিছ, নিউ জাৰ্চি, লছ এঞ্জেলছ কাউণ্টি মিউজিয়াম অব আৰ্ট আৰু ৱেলছত এই আপুৰুগীয়া বস্ত্ৰভাগিৰ কিছু অংশ সংৰক্ষিত হৈ আছে বুলি উল্লেখ থকাৰ কথা অধ্যক্ষ গৰাকীয়ে জানিব পাৰিছিল।
২০১৬ চনত প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ হোৱাৰ পিছত অধ্যক্ষ দাসে লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম আৰু পেৰিছৰ গুইমেট মিউজিয়ামত সংৰক্ষিত হৈ থকা বৃন্দাবনী বস্ত্ৰ ভাগিৰ অংশ বিশেষ প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লাভ কৰিছিল। পুনৰ দ্বিতীয়বাৰৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰূপে দায়িত্ব পোৱাৰ পিছত কিছুদিন পূৰ্বে আমেৰিকাৰ নিউ জাৰ্চিৰ দ্যা নিউৱাৰ্ক ( The Newark Museum)ত বস্ত্ৰ ভাগিৰ কিয়দংশ দৰ্শন কৰাৰো সৌভাগ্য হয় অধ্যক্ষ দাসৰ।
উল্লেখযোগ্য যে নিউজাৰ্ছিৰ দ্যা নিউয়ৰ্ক মিউজিয়ামত এই বস্ত্ৰভাগিৰ অংশতো তিব্বতীয় থাংকাৰ সৈতে সংলগ্ন কৰি ৰখা হৈছে। ইয়াৰ উপৰি মঙলবাৰে অধ্যক্ষ গৰাকীয়ে লছ এঞ্জেলছ কাউণ্টি মিউজিয়াম অৱ আৰ্টত সংৰক্ষিত হৈ থকা ‘বৃন্দাবনী বস্ত্ৰ’ ভাগিৰ আন এক অংশ ডিজিটেলি পৰিদৰ্শন কৰাৰ সুযোগ লাভ কৰে। এই মিউজিয়ামৰ কিউৰেটৰ(Curator )তথা বিভাগীয় মুৰব্বী (Department Head) ষ্টিফেন লিটল(Stephen Little )ৰ সৈতে এই আপুৰুগীয়া সম্পদভাগি সন্দৰ্ভত তেওঁ বাৰ্তালাপ কৰে। অসম আৰু বৃন্দাবনী বস্ত্ৰৰ বিষয়ে লিটলৰ গভীৰ জ্ঞান আৰু আগ্ৰহে অধ্যক্ষ গৰাকীক বাৰুকৈয়ে আপ্লুত কৰে।
মঙলবাৰে পৰিদৰ্শনৰ সময়ত অধ্যক্ষ গৰাকীৰ পত্নী অঞ্জুৰাণী বৈশ্য দাস, অসম বিধানসভাৰ সচিব ৰাজীৱ ভট্টাচাৰ্য আৰু কনচুলেট জেনেৰেল অব ইণ্ডিয়াৰ (Consulate General of India) ৰ ভাইচ কনচুল(Vice Consul ,Admin) প্ৰিয়ংকা ত্যাগীক মিউজিয়াম কৰ্তৃপক্ষই উষ্ম আদৰণি জনায়। মিউজিয়াম কৰ্তৃপক্ষই দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন শিল্পকলাৰ সৈতে অধ্যক্ষ গৰাকীক পৰিচয় কৰাই দিয়াৰ লগতে বৃন্দাবনী বস্ত্ৰৰ সংৰক্ষণ সম্পৰ্কেও গুৰুত্বপূৰ্ণ তথ্য অৱগত কৰে।
অধ্যক্ষ গৰাকীয়ে আমেৰিকাত বসবাস কৰা প্ৰবাসী অসমীয়াসকলক এই আপুৰুগীয়া অসমীয়া ঐতিহ্যৰ নিদৰ্শন ‘বৃন্দাবনী বস্ত্ৰ’ দৰ্শন কৰিবলৈ আহ্বান জনায়। মিউজিয়াম কৰ্তৃপক্ষই তেওঁক জানিবলৈ দিয়ে যে ভাৰতীয় দৰ্শনাৰ্থীৰ সংখ্যা বৰ্তমান যথেষ্ট সীমিত। দৰ্শনাৰ্থীৰ আগ্ৰহ আৰু উপস্থিতিয়ে এনে ঐতিহাসিক সম্পদসমূহৰ প্ৰদৰ্শন আৰু সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গুৰুজনাৰ অমৰ সৃষ্টি আৰু অসমীয়া জাতিৰ এই অমূল্য সম্পদ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত হৈ থকাটো আমাৰ বাবে এক গৌৰৱৰ বিষয় বুলি অধ্যক্ষ গৰাকীয়ে কয়।


