জ্ঞানেশ কুমাৰক ভাৰত ৰত্ন দিব লাগে নেকি? চৰ্চা সন্দৰ্ভত কি ক’লে সাংসদ ইউছুফ পাঠানে?

Published:

নেশ্যনেল চিটিজেন্স পাৰ্টি অৱ ইণ্ডিয়া (NCPI)ৰ সাংসদ ইউছুফ পাঠানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰৰ জৰিয়তে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন দিব লাগে বুলি ওলোৱা খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ স্পষ্টভাৱে কয় যে তেওঁ এনে কোনো অনুৰোধ কৰা নাই।

ইউছুফ পাঠানে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰে। পোষ্টটোত তেওঁ কয়, ‘পশ্চিম বংগ, মুৰ্ছিদাবাদ, বাহাৰামপুৰ, আৰু সমগ্ৰ দেশৰ মানুহে ভোটাধিকাৰৰ বাবে মাত মাতিছে। এনে সময়ত মই কাৰোবাক বঁটাৰ বাবে পৰামৰ্শ দিমনে? মই এনে কোনো চিঠি লিখা নাই।’

এন চি পি আইৰ সাংসদ ইউছুফ পাঠানে কয়, ‘মই মাত্ৰ মোৰ নামত কাহিনী ৰচনা কৰাসকলক সুধিব বিচাৰিছো যে যদি চিঠিখন আছে তেন্তে ইয়াৰ কপি ৰাজহুৱা কৰক। প্ৰমাণ দেখুৱাওক, নহ’লে ইয়াক ভুৱা আৰু মোৰ নামৰ অপব্যৱহাৰ বুলি গণ্য কৰক। মানুহে উৰাবাতৰি নহয়, সত্য জানিব বিচাৰে।’

তেওঁ আৰু কয়, ‘আজি আমাক উৰাবাতৰি নহয়, সত্য আৰু ৰাজহুৱা অধিকাৰৰ বাবে কণ্ঠৰ প্ৰয়োজন। আজি এটা সম্পূৰ্ণ প্ৰজন্মই নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ শাৰী পাতি থিয় দিছে। ইয়াৰ বাবে কোন দায়ী?’

উল্লেখ্য যে, এন চি পি আইৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জ্যোতি প্ৰকাশ চেতাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদীলে লিখা এখন পত্ৰত দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত জ্ঞানেশ কুমাৰক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰ যোগ্য বুলি উল্লেখ কৰিছিল। এই পত্ৰখনক কেন্দ্ৰ কৰিয়েই ইউছুফ পাঠানৰ প্ৰসংগটো চৰ্চালৈ আহে।

POPULAR

RECENT ARTICLES

spot_img