উত্তৰ প্ৰদেশৰ মথুৰাৰ ১৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। চৈতকাৰ অঞ্চলত এখন তীব্ৰ বেগী চাৰিচকীয়া বাহনে পাছফালৰ পৰা এখন ট্ৰাকত প্ৰচণ্ড জোৰত খুন্দা মাৰে। এই ঘটনাত দুগৰাকী মহিলা আৰু দুটি শিশুসহ ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন পাঁচগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আহত লোকসকলক তাৎক্ষণিকভাৱে সমীপৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয়।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিব দিয়া অনুসৰি, সোমবাৰে ৰাতিপুৱা দুৰ্ঘটনাত পতিত হোৱা বাহনখনত পাঁচগৰাকী বয়োজ্যেষ্ঠ লোক আৰু চাৰিটা শিশুসহ মুঠ ৯ গৰাকী লোক আছিল। দুৰ্ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহতসকলক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি মৃত লোকসকলৰ পৰিচয় উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে।
ইফালে মহাৰাষ্ট্ৰৰ ,সমৃদ্ধি এক্সপ্ৰেছৱে’তো সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। নাগপুৰৰ পৰা মুম্বাই অভিমুখী এখন ব্যক্তিগত বাছ দুৰ্ঘটনাত পতিত হোৱাত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২৭ গৰাকী যাত্ৰী আহত হয়। গুৰুতৰভাৱে আহত যাত্ৰীসকলক চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।


