HomeAssamঅস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৎপৰ শ্রীভূমি জিলা প্রশাসন

অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৎপৰ শ্রীভূমি জিলা প্রশাসন

শ্ৰীভূমি চহৰৰ সন্তৰ বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰী আৰু শাক-পাচলিৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ খবৰ প্ৰচাৰ হোৱাৰ পাছতেই তৎপৰ হৈ পৰে শ্রীভূমি জিলা প্রশাসন। সাধাৰণ ৰাইজৰ একাধিক অভিযোগৰ ভিত্তিত আজি সন্তৰ বজাৰত অভিযান চলাই জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে।

অভিযানকালত বজাৰত থকা বিভিন্ন দোকানত গৈ মূল্য তালিকা সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা হয়। লগতে ব্যৱসায়ীসকলক কঠোৰভাৱে সতৰ্ক কৰি দিয়া হয় যাতে কোনো ব্যৱসায়ীয়ে নিত্য প্ৰয়োজনীয় সামগ্ৰী বা শাক-পাচলি অধিক মূল্যত বিক্ৰী কৰিব নোৱাৰে। প্ৰশাসনৰ ফালৰ পৰা স্পষ্টকৈ জনোৱা হৈছে যে, বজাৰত কৃত্ৰিম সংকট সৃষ্টি কৰা বা সাধাৰণ গ্ৰাহকক হাৰাশাস্তি কৰাৰ যিকোনো চেষ্টা কঠোৰভাৱে দমন কৰা হ’ব।

জিলা প্ৰশাসনৰ বিষয়াসকলে জনায় যে বৰ্তমান শ্ৰীভূমিত অত্যাৱশ্যকীয় সামগ্ৰী আৰু শাক-পাচলিৰ পৰ্যাপ্ত মজুত উপলব্ধ আছে। সেয়ে সাধাৰণ ৰাইজে অযথা আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। বজাৰৰ পৰিস্থিতিৰ ওপৰত প্ৰশাসনৰ কাঢ়া দৃষ্টি আছে আৰু আগন্তুক দিনতো অব্যাহত থাকিব বুলি তেওঁলোকে জানিবলৈ দিয়ে।

ইফালে, প্ৰশাসনৰ এই অভিযানক আদৰণি জনাইছে সাধাৰণ গ্ৰাহকসকলে। তেওঁলোকৰ মতে এনেধৰণৰ নিয়মিত অভিযান চলি থাকিলে বজাৰত মূল্যবৃদ্ধি বহু পৰিমাণে নিয়ন্ত্ৰণত থাকিব আৰু সাধাৰণ মানুহে যথেষ্ট সকাহ লাভ কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments