ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকাক হত্যাৰ ভয়ংকৰ ষড়যন্ত্ৰ

Published:

আমেৰিকা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক হত্যা কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আমেৰিকা তদন্তকাৰী সংস্থাই ইৰাণ সমৰ্থিক সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে জড়িত এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে। ধৃত সন্ত্ৰাসবাদীজনে ইৰাণী সৈন্য কামাণ্ডাৰ কাছিম ছুলেমানীৰ মৃত্যুৰ প্ৰতিশোধ স্বৰূপে ইভাংকা ট্ৰাম্পক হত্যাৰ পৰিকল্পনা ৰচিছিল।

নিউয়ৰ্ক প’ষ্টত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ‘IRGCৰ সন্ত্ৰাসবাদী মহম্মদ বাকৰ ছাদ দাউদ আল-ছাদীয়ে ইভাংকাক হত্যা কৰাৰ শপত খাইছিল আৰু তেওঁৰ ওচৰৰ পৰা ইভাংকাৰ ফ্লৰিডাস্থিত বাসগৃহৰ নক্সাও তদন্তকাৰী সংস্থাই উদ্ধাৰ কৰিছে।’

প্ৰতিবেদন অনুসৰি, ২০২০ চনত আমেৰিকা সেনাই বাগদাদত সংঘটিত কৰা ড্ৰ’ন আক্ৰমণৰ পিছৰে পৰা ধৃত সন্ত্ৰাসবাদীজনে ট্ৰাম্প পৰিয়ালক নিঃশেষ কৰাৰ পৰিকল্পনা ৰচিছিল। আমেৰিকাৰ এই ড্ৰ’ন আক্ৰমণত নিহত হৈছিল কাছিম ছুলেমানী নামৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ ইৰাণী কামাণ্ডাৰ।

ইৰাকৰ প্ৰাক্তন সামৰিক বিষয়া এন্টিফাদ কম্বৰে দাবী কৰিছিল যে আল-ছাদীয়ে প্ৰায়ে মুকলিকৈ প্ৰতিশোধৰ কথা কৈ আহিছিল। কম্বৰৰ মতে অভিযুক্তগৰাকীয়ে কৈছিল, ‘ইভাংকাক হত্যা কৰিব লাগিব, যাতে ট্ৰাম্পৰ পৰিয়ালো সেইদৰে জ্বলক যিদৰে তেওঁলোকে আমাৰ ঘৰ জ্বলাই দিছিল।’

উল্লেখ্য যে, এই ঘটনাৰ পিছতে এতিয়া ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পৰ ফ্লৰিডাস্থিত বাসগৃহত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে।

POPULAR

RECENT ARTICLES

spot_img