বৰপেটা ৰোড আৰক্ষীৰ বৃহৎ সফলতা; গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ প্ৰৱঞ্চক জাহিদুল

Published:

চাইবাৰ অপৰাধৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান। এই অভিযানৰ মাজতে পুনৰ এজন কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ধৃত অপৰাধীজন হাউলীৰ বগাইজান পাৰাৰ জাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, জাহিদুল ইছলামে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ লগতে বিভিন্ন প্ৰান্তৰ সহজ-সৰল লোকসকলক লক্ষ্য কৰি লৈছিল। অতি কৌশলেৰে লোকসকলৰ ক্ৰেডিট কাৰ্ডৰ পৰা ধন লুটি এক আতংকৰ সৃষ্টি কৰিছিল এই প্ৰৱঞ্চকজনে।

বহু লোকৰ পৰা ধন সৰকোৱা প্ৰৱঞ্চকজনে আৰক্ষীৰ পৰা হাত সাৰিবলৈ বিগত কিছুদিনৰ পৰা গুৱাহাটীত আত্মগোপন কৰি আছিল। বৰপেটাৰোড আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সোমবাৰে গুৱাহাটী মহনগৰীত এক অভিযান চলাই জাহিদুলক কৰায়ত্ত কৰে।

বৰ্তমান আৰক্ষীয়ে ধৃত জাহিদুলক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে আৰু কোনো লোক জড়িত আছে নেকি, সেই দিশটো আৰক্ষীয়ে পৰীক্ষা কৰি আছে। বৰপেটাৰোড আৰক্ষীৰ এই সফলতাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

POPULAR

RECENT ARTICLES

spot_img