বিতৰ্কৰ পিছতেই হঠাৎ ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত এইগৰাকী বেগী বলাৰ

৬ জুন অৰ্থাত শনিবাৰৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ টেষ্ট মেচখনৰ পূৰ্বে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। মেচখনৰ চাৰিদিন পূৰ্বে হঠাতে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হ’ল জম্মু-কাশ্মীৰৰ বেগী বলাৰ আকিব নবীক।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি জম্মু-কাশ্মীৰৰ এইগৰাকী বেগী বলাৰক বেকআপ হিচাপে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰিছে। উল্লেখ্য যে ২০২৫-২৬ বৰ্ষৰ ৰঞ্জী ছিজনত সৰ্বাধিক উইকেট দখল কৰিছিল আকিব নবীয়ে। আকিবৰ চমকপ্ৰদ প্ৰদৰ্শনৰ ভিত্তিতেই জম্মু-কাশ্মীৰে প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফীৰ খিতাপ দখল কৰিছিল।

আকিব নবীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এই পৰ্যন্ত ৪১ খন মেচত ১৫৬টা উইকেট দখল কৰিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অন্ত পৰা ৰঞ্জী ছিজনত আকিবে ১২.৫৭ গড়ে ৬০টা উইকেট দখল কৰিছিল। ছিজনটোত তেওঁ সাতবাৰকৈ ৫টা উইকেট লোৱাৰো কৃতিত্ব গঢ়িছিল।

ঘৰুৱা ক্ৰিকেটত উল্লেখনীয় প্ৰদৰ্শন আগবঢ়োৱাৰ পিছতো তেওঁক আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ মেচখনত ১৫ জনীয়া ভাৰতীয় দলটোত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। তেওঁৰ ঠাইত আগাৰকাৰ নেতৃত্বাধীন নিৰ্বাচনক সমিতিয়ে পঞ্জাৱৰ বেগী বলাৰ গুৰনুৰ বৰাৰক প্ৰথমবাৰৰ বাবে দলত সুযোগ প্ৰদান কৰিছিল।

আকিব নবীক ভাৰতীয় দলত স্থান নিদিয়াক লৈ ভাৰতৰ কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে অজিত আগাৰকাৰ নেতৃত্বাধীন নিৰ্বাচক সমিতিক ক্ষুৰধাৰ সমালোচনা কৰা দেখা গৈছিল। ক্ৰিকেট মহলত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত অৱশেষত নিৰ্বাচক সমিতিয়ে আকিবক বেকআপ বলাৰ হিচাপে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰাত যথেষ্ট সুখী ভাৰতীয় ক্ৰিকেট অনুৰাগী।

উল্লেখ্য যে, ভাৰত ভ্ৰমণলৈ আহিবলগীয়া আফগানিস্তান দলটোৱে ভাৰতৰ বিৰুদ্ধে এখন টেষ্ট খেলিব। ৬ জুনৰ পৰা আৰম্ভ হ’বলগীয়া মেচখন অনুষ্ঠিত হ’ব নিউ চণ্ডীগড়ৰ মুল্লানপুৰ ষ্টেডিয়ামত।

Similar Articles

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে

0
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে... এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ ‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স...