ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় দল আৰু কোটি কোটি ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক বেয়া খবৰ। হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হৈছে বিৰাট কোহলী। কিংবদন্তী ক্ৰিকেটাৰগৰাকীৰ অনুপস্থিতিৰ অভাৱ ভাৰতীয় বেটিং ক্ৰমৰ বাবে এক ডাঙৰ ক্ষতি বুলি অভিহিত কৰা হৈছে।
উল্লেখ্য যে, শেহতীয়াকৈ সম্পন্ন হোৱা আই পি এল ২০২৬ ছিজনত বিৰাট কোহলীয়ে বেটেৰে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল। RCBৰ হৈ খেলা কোহলীয়ে ছিজনটোত ১৬খন মেচত এটা শতক আৰু ৫টা অৰ্ধশতকৰ সহায়ত মুঠ ৬৭৫ ৰান সংগ্ৰহ কৰিছিল। গুজৰাট টাইটানছৰ বিৰুদ্ধে অনুষ্ঠিত চূড়ান্ত মেচখনত কোহলীয়ে ৪২টা বলত ৭৫ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। কোহলীৰ এই ইনিংছটোৰ বাবেই RCBয়ে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।
আই পি এলত RCB চেম্পিয়ন হোৱাৰ পিছতে দেশৰ কোটি কোটি ক্ৰিকেট কোহলী অনুৰাগীৰ দৃষ্টি নিৱদ্ধ আছিল আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাটোৰ ওপৰত। কিন্তু আই পি এলৰ ফাইনেল মেচখনৰ সময়ত যেতিয়া কোহলীয়ে বেটিং কৰি আছিল তেতিয়া তেওঁক হেমষ্ট্ৰিঙৰ সমস্যাৰ সৈতে যুঁজি থকা পৰিলক্ষিত হৈছিল। এই হেমষ্ট্ৰিঙৰ সমস্যা গুৰুতৰ হোৱা বাবেই তেওঁক এতিয়া এদিনীয়া শৃংখলাত অংশ লোৱা দেখা পোৱা নাযাব।
উল্লেখ্য যে, আফগানিস্তানৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাটো অহা ১৩ জুনৰ পৰা আৰম্ভ হ’ব। শৃংখলাটোৰ প্ৰথমখন মেচ ধৰ্মশালা আৰু দ্বিতীয় আৰু তৃতীয়খন মেচ ক্ৰমে ১৭ জুনত লক্ষ্ণৌ আৰু ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব। আনহাতে একমাত্ৰ টেষ্ট মেচখন ৬ জুনৰ পৰা ১০ জুনলৈকে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব।






