আয়াৰলেণ্ড, ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ লগতে এছিয়ান গেমছৰ বাবে বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় টি-২০ দল। সূৰ্যকুমাৰ যাদৱক টি-২০ দলৰ অধিনায়কৰ দায়িত্বৰ পৰা অপসাৰণ কৰি শ্ৰেয়াছ আয়াৰক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
আনহাতে তিলক বাৰ্মাক প্ৰদান কৰা হৈছে ভাৰতীয় টি-২০ দলৰ উপ-অধিনায়কৰ দায়িত্ব। ইফালে আই পি এলত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীক প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। তেওঁক তিনিওটা স্কোৱাডতে দলত অন্তৰ্ভুক্ত কৰা হৈছে।
আয়াৰলেণ্ডৰ বিৰুদ্ধে ঘোষিত টি-২০ দল
শ্ৰেয়াছ আয়াৰ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু ছেমছন, ঈষাণ কিষাণ, শিৱম ডুবে, তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, মহম্মচ ছিৰাজ, হৰ্ষিত ৰানা, অৰ্শদীপ সিং, প্ৰিন্স যাদৱ, বৈভৱ সূৰ্যবংশী।
ইংলেণ্ডৰ বিৰুদ্ধে ঘোষিত টি-২০ দল
শ্ৰেয়াছ আয়াৰ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু ছেমছন, ঈষাণ কিষাণ, শিৱম ডুবে, তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, মহম্মচ ছিৰাজ, হৰ্ষিত ৰানা, অৰ্শদীপ সিং, প্ৰিন্স যাদৱ, বৈভৱ সূৰ্যবংশী।
এছিয়ান গেমছৰ বাবে ঘোষিত টি-২০ দল
শ্ৰেয়াছ আয়াৰ (অধিনায়ক), তিলক বাৰ্মা, ৰবি বিষ্ণোই, অভিষেক শৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, যশপ্ৰীত বুমৰাহ, সঞ্জু ছেমছন, অক্ষৰ পেটেল, হৰ্ষিত ৰানা, ঈষাণ কিষাণ, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, শিৱম ডুবে, বৰুণ চক্ৰৱৰ্তী আৰু বৈভৱ সূৰ্যবংশী।
উল্লেখ্য যে, ভাৰতে আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন আৰু ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলাত অংশ ল’ব।