মোদী চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱা দিনটোতেই কেন্দ্ৰীয় কেবিনেটৰ কেইবাটাও ডাঙৰ সিদ্ধান্ত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ ১২ বছৰীয়া জয়ন্তী উপলক্ষে বুধবাৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় কেবিনেটৰ বৈঠক। এই বৈঠকত আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ সম্প্ৰসাৰণকে ধৰি কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আহমেদাবাদ মেট্ৰ’ৰ ফেজ ২এৰ অধীনত ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰত অনুমোদন জনাইছে কেবিনেটে, য’ত পাঁচটা নতুন ষ্টেচন নিৰ্মাণ কৰা হ’ব।

ইফালে, এই বৈঠকতে অন্ধ্ৰ প্ৰদেশৰ অমৰাৱতী সম্পৰ্কীয় কেইবাটাও বৃহৎ প্ৰকল্পতো অনুমোদন জনোৱা হয়। অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী অমৰাৱতীৰ বাবে ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ দুটা বৃহৎ আন্তঃগাঁথনি প্ৰকল্প। ইয়াৰ ভিতৰত আছে ১,২৯৯ কোটি টকা ব্যয়েৰে ২৩.২৫ লাখ বৰ্গফুট বিস্তৃত কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণ পুল কাৰ্যালয়ৰ আৱাস (চৰকাৰী আৱাসগৃহ) আৰু ১,২৩৫ কোটি টকা ব্যয়েৰে ৩১.৩০ লাখ বৰ্গফুট বিস্তৃত সাধাৰণ পুল আৱাসিক বাসস্থান।

আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ সম্প্ৰসাৰণৰ বাবে প্ৰায় ২,১৬৯ কোটি টকা খৰচ হ’ব বুলি অনুমান কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে প্ৰায় ২৫০০ লোকে কৰ্মসংস্থাপন লাভ কৰিব। আহমেদাবাদ-গান্ধীনগৰ মেট্ৰ’ পথটো ৭৭.৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত তথ্য প্ৰদান কৰে। তেওঁ লগতে দেশৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘকালীন প্ৰধানমন্ত্ৰীৰ অভিলেখ গঢ়া নৰেন্দ্ৰ মোদী সন্দৰ্ভত কয়, ‘আজি প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে দেশলৈ সৰ্বাধিক দীৰ্ঘদিনীয়া অবিৰত সেৱাৰ এক নতুন অভিলেখ গঢ়ি তুলিছে। এই উপলক্ষে কেন্দ্ৰীয় কেবিনেটে এটা প্ৰস্তাৱ গৃহীত কৰিছে। এই প্ৰস্তাৱত প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে জাতিলৈ আগবঢ়োৱা অবিৰত সেৱাৰ এই ঐতিহাসিক মাইলৰ খুঁটিটোৰ বিষয়ে আলোচনা কৰি কেইবাটাও প্ৰতিশ্ৰুতি আৰু সংকল্পৰ ৰূপৰেখা দাঙি ধৰিছে।’

উল্লেখ্য যে, ২০২৬ চনৰ ১০ জুন তাৰিখটো ভাৰতীয় গণতন্ত্ৰৰ যাত্ৰাৰ এক ঐতিহাসিক মুহূৰ্ত। আজি একেৰাহে ৪৩৯৯ দিন কাৰ্যভাৰ গ্ৰহণ কৰি অভিলেখ গঢ়ি নৰেন্দ্ৰ মোদী দেশৰ সৰ্বাধিক দীৰ্ঘদিনীয়া নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই মাইলৰ খুঁটিটো অৰ্জন কৰিবলৈ সক্ষম হৈছে নৰেন্দ্ৰ মোদীয়ে।

Similar Articles

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে

0
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে... এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ ‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স...