হৰমুজেৰে পাৰ হোৱা জাহাজৰ পৰা ‘মাচুল’ ল’ব ইৰাণে

Published:

ইৰাণে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যিক পথ হৰমুজ প্ৰণালী অতিক্ৰম কৰা জাহাজসমূহৰ ওপৰত সেৱা মাচুল আৰোপ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। চীনস্থিত ইৰাণৰ ৰাষ্ট্ৰদূত আব্দলৰেজা ৰহমানী ফাজলীয়ে কয় যে তেহৰানে অতি শীঘ্ৰে এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰিব। শেহতীয়া সংঘাতৰ সময়ত ইৰাণক সমৰ্থন কৰা দেশসমূহে এই নতুন ব্যৱস্থাৰ অধীনত বিশেষ ৰেহাই লাভ কৰিব বুলিও উল্লেখ কৰে ফাজলীয়ে।

বেইজিঙত অনুষ্ঠিত ৱৰ্ল্ড পীছ ফৰামত দিয়া ভাষণত ইৰাণৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজৰ চলাচলৰ বাবে এক নতুন ব্যৱস্থা গঢ়ি তোলা হৈছে। এই সন্দৰ্ভত ইৰাণে ওমানৰ সৈতে কাম কৰি আছে।

শেহতীয়াকৈ ইৰাণ-আমেৰিকাৰ সংঘাত অন্ত পৰাৰ পিছত দুয়োখন দেশৰ মাজত হোৱা প্ৰাৰম্ভিক চুক্তি অনুসৰি ৬০ দিনৰ বাবে বাণিজ্যিক জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে বিনামূলীয়াকৈ পাৰ হোৱাৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে এই ৬০ দিনৰ সময়সীমা শেষ হোৱাৰ পিছত কি নতুন নিয়ম প্ৰযোজ্য হ’ব সেই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই।

ইৰাণৰ ৰাষ্ট্ৰদূত আব্দলৰেজা ৰহমানী ফাজলীয়ে কয় যে হৰমুজ প্ৰণালীৰ এটা অংশ ইৰাণৰ ভূখণ্ডৰ জলসীমাৰ ভিতৰত পৰে। গতিকে জাহাজৰ পৰা সেৱা মাচুল লোৱাটো সম্পূৰ্ণ বৈধ। তেওঁ কয় যে আমি নিশ্চয়কৈ সেৱা মাচুল ল’ম, কিন্তু ইয়াক টোল টেক্স হিচাপে গণ্য কৰা উচিত নহয়।

ইৰাণৰ ৰাষ্ট্ৰদূতগৰাকীয়ে লগতে উল্লেখ কৰে যে শেহতীয়া সংঘাতৰ সময়ত ইৰাণৰ সৈতে থিয় দিয়া দেশসমূহে এই নতুন ব্যৱস্থাৰ অধীনত বিশেষ ৰেহাই লাভ কৰিব। তেওঁ কয় যে যিবোৰ দেশ আমাৰ বন্ধু হৈয়েই আছিল আৰু কঠিন সময়ত আমাৰ কাষত থিয় দিছিল, সেইবোৰৰ বাবে আমি নিশ্চিতভাৱে বিশেষ ব্যৱস্থা কৰিম।

POPULAR

RECENT ARTICLES

spot_img