তুৰ্কীৰ ৰাজধানী আংকাৰাত অনুষ্ঠিত হোৱা NATO শিখৰ সন্মিলনৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ সন্দৰ্ভত ডাঙৰ মন্তব্য প্ৰদান কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ড’নাল্ড ট্ৰাম্পে কয় যে ইৰাণৰ সৈতে হোৱা বুজাবুজি চুক্তি স্বাক্ষৰৰ অন্ত পৰিছে। তেওঁ দাবী কৰে যে শেহতীয়া পৰিস্থিতিৰ পিছত দুয়োখন দেশৰ মাজত হোৱা এই চুক্তিৰ কোনো গুৰুত্ব নাই।
ট্ৰাম্পে স্পষ্টভাৱে উল্লেখ কৰিছে যে ইৰাণৰ সৈতে যুদ্ধবিৰতি অন্ত পৰিছে। তেওঁ লগতে তেহৰাণৰ ইছলামিক চৰকাৰক অসুস্থ বুলি অভিহিত কৰে।
উল্লেখ্য যে, হৰমুজত বাণিজ্যিক জাহাজত হোৱা আক্ৰমণত ক্ষুব্ধ হৈ আমেৰিকাৰ সেনাই ইৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ পিছতে ড’নাল্ড ট্ৰাম্পে এই মন্তব্য কৰে। ইফালে ইৰাণেও কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ ৮৫টা সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা বুলিও দাবী কৰিছে।
বৰ্তমান ড’নাল্ড ট্ৰাম্প তুৰস্কৰ ৰাজধানী আংকাৰাত আছে, য’ত তেওঁ অংশ লৈছে নাটোৰ শীৰ্ষ সন্মিলনত। ইৰাণৰ সৈতে যুদ্ধবিৰতি শেষ হৈছে নেকি বুলি সোধাত ট্ৰাম্পে কয় যে মোৰ মতে ই শেষ হৈছে। তেওঁ লগতে কয় যে ইৰাণৰ সৈতে মোকাবিলা কৰাটো সময়ৰ অপচয়।
ট্ৰাম্পে পুনৰ কয় যে আমেৰিকাৰ প্ৰতিনিধিয়ে ইৰাণৰ সৈতে আলোচনা অব্যাহত ৰাখিব পাৰিব, কিন্তু ইয়াৰ কোনো ফলাফল ওলাব নে নাই সেই বিষয়ে সন্দেহ আছে। তেওঁ কয়, ‘তেওঁলোকে আলোচনা অব্যাহত ৰাখিব পাৰে, কিন্তু মই ভাবো তেওঁলোকে সময় নষ্ট কৰি আছে।’
ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্তিম বিদায়ৰ কাৰ্যসূচী চলি থকাৰ মাজতে ইৰাণ আৰু আমেৰিকাৰ মাজত হোৱা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কৰা এই মন্তব্যই স্বাভাৱিকতে চিন্তিত হৈ পৰিছে বিশ্বৰ কোটি-কোটি জনতা।


