গাৰ নোম শিয়ৰি উঠা ঘটনা; একে নিশাই ৰাজকুমাৰে শেষ কৰিলে ৬ জন লোকৰ জীৱন

Published:

তেলেংগানাৰ ৰংগা ৰেড্ডী জিলাৰ পৰা আহিছে এক শিহৰণকাৰী খবৰ। জিলাখনৰ শ্বহাবদ থানাৰ অন্তৰ্গত এক অঞ্চলত ৰাজকুমাৰ নামৰ এগৰাকী POCSO আইনৰ অপৰাধীয়ে জামিন লাভৰ পিছতেই এগৰাকী ধৰ্ষিতা কিশোৰী, তেওঁৰ মাতৃ আৰু আইতাক নৃশংসভাৱে হত্যা কৰিছে। কেৱল এয়াই নহয় অভিযুক্ত লোকজনে নিজৰ পত্নী আৰু দুই সন্তানকো হত্যা কৰে।

৬ গৰাকীকৈ লোকক হত্যা কৰাৰ পাছত অপৰাধীজনে আত্মীয়ক ফোন কৰি কয় যে মই দুয়োটা পৰিয়ালক শেষ কৰি দিলো আৰু মই এতিয়া আত্মহত্যা কৰিম। আত্মহত্যা কৰাৰ কথা উল্লেখ কৰাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে হত্যাকাৰী ৰাজকুমাৰ।

ইফালে আৰক্ষীয়ে আটাইকেইগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে আৰু ঘটনাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰিছে। পৃথকে পৃথকে আৰক্ষীৰ দলে অভিযুক্তক বিচাৰি চলাই আছে অভিযান।

উল্লেখ্য যে, চলিত বছৰৰে মে’ মাহত POCSO আইনৰ অধীনত ৰাজকুমাৰৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছিল। যাৰ বাবে তেওঁক প্ৰেৰণ কৰা হৈছিল কাৰাগাৰলৈ।

জানিব পৰা অনুসৰি, অভিযুক্ত ৰাজকুমাৰে প্ৰথমে দেৱলাগুডা গাঁওস্থিত নিজৰ ঘৰত পত্নী পাৰ্বতী সৰিতা (৩০) আৰু দুই সন্তান ক্ৰমে চাৰি বছৰীয়া পুত্ৰ আৰু ১৮ মহীয়া শিশুটিক হত্যা কৰে। ইয়াৰ পিছত তেওঁ প্ৰায় ৬ কিলোমিটাৰ নিলগৰ এখন অন্য গাঁৱলৈ গৈ এগৰাকী ১৭ বছৰীয়া কিশোৰীক হত্যা কৰে।

স্মৰ্তব্য যে এই কিশোৰীগৰাকীয়েই ১৬ মে’ত ৰাজকুমাৰৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল। ইয়াৰ প্ৰতিশোধ স্বৰূপেই কিশোৰীগৰাকীক হত্যা কৰি অভিযুক্ত ৰাজকুমাৰে কিশোৰীগৰাকীৰ মাতৃ লক্ষ্মী (৪৫) আৰু আইতা ৰুক্কম্মাকো(৬৫) হত্যা কৰে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ফিউচাৰ চিটিৰ আৰক্ষী আয়ুক্ত তৰুণ যোশীয়ে কয়, ‘প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে অভিযুক্তই নিশা দুটা ভিন্ন স্থানত হত্যাকাণ্ড সংঘটিত কৰিছিল। তাৰ পিছত তেওঁ পিতৃক ফোন কৰি সমগ্ৰ ঘটনাৰ বিষয়ে জনাইছিল। এই ফোন কলৰ পিছৰ পৰাই অভিযুক্তজন পলাতক অৱস্থাত আছে। বিশেষ আৰক্ষী দল গঠন কৰা হৈছে, আৰু আমি কিছু সূত্ৰ বিচাৰি পাইছো। অভিযুক্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব।’

POPULAR

RECENT ARTICLES

spot_img