অৰবিন্দ কেজৰিৱালক প্ৰাণে মৰাৰ ভাবুকি; দাবী ৭ কোটি টকা

Published:

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টী (আপ)ৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ খবৰ পোহৰলৈ আহিছে। ভাবুকি প্ৰদান কৰা অজ্ঞাত সূত্ৰটোৱে নিজকে লৰেন্স বিষ্ণোই গেঙৰ সদস্য বুলি পৰিচয় প্ৰদান কৰি ৭ কোটি টকা দাবী কৰিছে। দাবী কৰা ধন প্ৰদান নকৰিলে কেজৰিৱাল আৰু তেওঁৰ কন্যা হৰ্ষিতা কেজৰিৱালক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে।

এই ঘটনাৰ পিছতে দিল্লীৰ তিলক নগৰৰ আপ বিধায়ক জৰ্নাইল সিঙৰ অভিযোগৰ ভিত্তিত মোহালীৰ এছএএছ নগৰ চাইবাৰ ক্ৰাইম থানাত ৰুজু কৰা হৈছে এফআইআৰ।

এফআইআৰত উল্লেখ কৰা অনুসৰি চলিত বৰ্ষৰ ৬ নৱেম্বৰত বিধায়ক জৰ্নাইল সিঙৰ মোবাইলত এটা অজ্ঞাত নম্বৰৰ পৰা ফোন আহিছিল। কেৱল এয়াই নহয় ফোন কলৰ পিছত তেওঁৰ হোৱাটছএপ নম্বৰত ভাবুকি ভৰা মেছেজো প্ৰদান কৰে। ফোন তথা মেছেজ কৰা ব্যক্তিজনে নিজকে লৰেন্স বিষ্ণোই গেঙৰ সদস্য বুলি উল্লেখ কৰে আৰু অৰবিন্দ কেজৰিৱালক ৭ কোটি টকা প্ৰদান কৰিবলৈ দাবী জনায়।

ব্যক্তিজনে প্ৰদান কৰা মেছেজত উল্লেখ কৰে যে যদি ৭ কোটি টকা প্ৰদান নকৰে তেন্তে অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ কন্যাক হত্যা কৰা হ’ব। অভিযোগত বিধায়কগৰাকীয়ে কয় যে অভিযুক্তই জনপ্ৰতিনিধি হোৱাৰ সুযোগ লৈ তেওঁক ভাবুকি দিবলৈ চেষ্টা কৰিছিল।

বিধায়ক জৰ্নাইল সিঙে ৬ নৱেম্বৰত মোহলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰে। তেওঁ অভিযুক্তৰ মোবাইল নম্বৰ আৰু হোৱাটছএপ মেছেজৰ তথ্য আৰক্ষীক প্ৰদান কৰে। অভিযোগত অভিযুক্ত আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে ধন দাবী, অপৰাধমূলক ভাবুকি, মৃত্যুৰ ভাবুকি আদিৰ গোচৰ ৰুজু কৰা হৈছিল।

অভিযোগৰ ভিত্তিত ২০২৬ চনৰ ৭ নৱেম্বৰত মোহলীৰ চাইবাৰ ক্ৰাইম থানাত এফআইআৰ ৰুজু কৰা হয়। আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) ধাৰা ৩০৮(৪), ৩৫১(২), ৩৫১(৩), ৩৫১(৪), আৰু ১১১(২)ৰ লগতে আইটি আইনৰ ৬৬ডি ধাৰা প্ৰয়োগ কৰিছে।

সম্প্ৰতি আৰক্ষীয়ে ভাবুকি প্ৰদান কৰা ব্যক্তিজনৰ সন্ধানৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

POPULAR

RECENT ARTICLES

spot_img