শ্বেখ হাছিনাৰ ঘনিষ্ঠ ৭ নেতাক মৃত্যুদণ্ডৰ ৰায়

Published:

মঙলবাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সাতজন ঘনিষ্ঠ নেতাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-২য়ে। ২০২৪ চনৰ প্ৰতিবাদৰ সময়ত হিংসাৰ সৈতে জড়িত মানৱতা বিৰোধী অপৰাধৰ বাবে এই সাতজন নেতাক কঠোৰ শাস্তি প্ৰদান কৰে।

মৃত্যুদণ্ডৰ শাস্তি পোৱাসকলৰ ভিতৰত আছে আৱামী লীগৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন পথ পৰিবহণ মন্ত্ৰী ওবাইদুল কাদৰ, যুটীয়া সাধাৰণ সম্পাদক এ এফ এম বাহাউদ্দিন নাছিম আৰু তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী মহম্মদ আলী আৰাফাত। বাকী চাৰিজন হ’ল জুবো লীগৰ অধ্যক্ষ শ্বেখ ফাজলে ছামছ পাৰাছ, সাধাৰণ সম্পাদক মেনুৱেল হুছেইন খান নিখিল, বাংলাদেশ ছাত্ৰ লীগৰ সভাপতি ছাদ্দাম হুছেইন আৰু সাধাৰণ সম্পাদক শ্বেখ ৱালি আছিফ আনান।

ন্যায়াধীশ মহম্মদ নজৰুল ইছলাম চৌধুৰীৰ নেতৃত্বত তিনিজনীয়া ন্যায়াধিকৰণে এই ৰায় প্ৰদান কৰে। এই সাতজন নেতাৰ বিৰুদ্ধে বিভিন্ন সভা অনুষ্ঠিত কৰা, প্ৰৰোচনামূলক আৰু উত্তেজিত মন্তব্য দিয়া, হিংসাৰ পৰিকল্পনা কৰা, প্ৰতিবাদকাৰীক দমন কৰাৰ চেষ্টা আদি অভিযোগ উত্থাপন হৈছে।

বিভিন্ন স্থানত সশস্ত্ৰ আক্ৰমণ, তীব্ৰ দমন, সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ চেষ্টা আদিত জড়িত হৈ সমগ্ৰ দেশতে হত্যাকাণ্ড, হত্যাৰ চেষ্টা, ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰো অভিযোগ উত্থাপন হৈছিল।

উল্লেখ্য যে, শিক্ষাৰ্থীৰ ব্যাপক প্ৰতিবাদৰ পিছতেই অৰ্থাত ২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশৰ পৰা পলায়ন কৰিছিল শ্বেখ হাছিনাই। তেতিয়াৰ পৰাই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতত বসবাস কৰি আছে। চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত বাংলাদেশলৈ ঘূৰি যাব বুলি শেহতীয়াকৈ এই মন্তব্য কৰিছিল শ্বেখ হাছিনাই।

POPULAR

RECENT ARTICLES

spot_img