আজি ৰাতিপুৱাৰে পৰা চলি আছে বিহাৰৰ বাংকীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ভোটগণনা। দ্বাদশ ৰাউণ্ডৰ গণনাৰ অন্তত প্ৰশান্ত কিশোৰ ৬ হাজৰৰো অধিক ভোটত আগবাঢ়ি থকাৰ খবৰ আহিছে।
ৰাজধানী পাটনাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি বাংকীপুৰ আসনখন আছিল বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনৰ। কিন্তু শেহতীয়াকৈ নীতিন নবীনক ৰাজ্যসভালৈ প্ৰেৰণ কৰাত এই আসনখন খালী হৈ পৰাৰ বাবে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন।
সমষ্টিটোত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নীৰজ সিনহাই। জন সুৰাজ পাৰ্টীৰ তৰফৰ পৰা দলটোৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰ আৰু RJDৰ হৈ ৰেখা গুপ্তাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই তিনিজন প্ৰাৰ্থীৰ মাজতেই হৈছে প্ৰতিদ্বন্দ্বিতা।
৩০ জুলাইত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত এই সমষ্টিটোত মাত্ৰ ৩৪.৩ শতাংশ ভোটাৰেহে সাব্যস্ত কৰিছিল ভোটাধিকাৰ।
দ্বাদশ ৰাউণ্ডৰ অন্তত
প্ৰশান্ত কিশোৰ- ২৩৭৫৬
নীৰজ সিনহা- ১৭১১০
ৰেখা গুপ্তা- ৪৮৫০
৬ হাজাৰ ৬৪৬টা ভোটত আগবাঢ়ি আছে প্ৰশান্ত কিশোৰ।


