বিশ্বনাথ আৰক্ষীৰ সফলতা; মানৱ সৰবৰাহকাৰী কৱলৰ পৰা উদ্ধাৰ তিনি কন্যা শিশু

Published:

বিশ্বনাথ চাৰিআলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ চাৰি বছৰীয়া কণমানি শিশুকো ৰেহাই নিদিলে মানৱ সৰবৰাহকাৰীয়ে। লাখ টকাৰ বিনিময়ত অসমৰ কন্যা শিশুক বহিঃৰাজ্যত বিক্ৰী কৰাৰ এক বৃহৎ চক্ৰ উন্মোচন কৰিছে বিশ্বনাথ জিলা আৰক্ষীয়ে।

যোৱা মঙলবাৰে জিলা আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত নিলপুৰ আৰু সাধাৰুত চলা অভিযানত দুই সৰবৰাহকাৰী অৰ্জুন গোৱালা আৰু ভাইটি নায়কক গ্ৰেপ্তাৰ কৰা হয়। তদন্তত পোহৰলৈ আহে যে তেওঁলোকে নিলপুৰ চাহ বাগিছাৰ এজন শ্ৰমিকৰ ১০ বছৰীয়া কন্যাক অপহৰণ কৰি অৰুণাচলত ৫০ হাজাৰ টকাত বিক্ৰী কৰিছিল।

ধৃত সৰবৰাহকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে অৰুণাচলৰ চিংফুৰ পৰা আৰক্ষীয়ে পুনৰ তিনিগৰাকী কন্যা শিশুক উদ্ধাৰ কৰে। আৰু আটাইতকৈ আচৰিত কথাটো হল, ইয়াৰে এগৰাকীৰ বয়স মাত্ৰ চাৰি বছৰ। আৰক্ষীৰ মতে প্ৰতিগৰাকী শিশুক এক লাখতকৈ অধিক টকাত বিক্ৰী কৰিছিল এই সৰবৰাহকাৰী কেইজনে।

ইনপুট : নিৰঞ্জন দাস

POPULAR

RECENT ARTICLES

spot_img