CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ বিৰুদ্ধে গোচৰ ৰুজু

Published:

মহাৰাষ্ট্ৰৰ লাটুৰৰ চৰকাৰী বিদ্যালয়ত প্ৰৱেশ কৰি এক অনাকাংক্ষিত পৰিৱেশ আৰু শৈক্ষিক কাম-কাজত ব্যাঘাত জন্মোৱাৰ অভিযোগত CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে, অজিংক্য শিণ্ডেকে ধৰি চাৰি-পাঁচজন লোকৰ বিৰুদ্ধে ঔছা থানাত গোচৰ ৰুজু কৰা হৈছে।

শিক্ষকসকলৰ অভিযোগ অনুসৰি, ২০ আগষ্টৰ দিনৰ প্ৰায় ১ বজাত অভিজিৎ দীপকে, অজিংক্য শিণ্ডে,কে ধৰি কেইবাজনো লোক বিদ্যালয় চৌহদত প্ৰৱেশ কৰে। ইয়াৰ পিছতেই শ্ৰেণীকোঠাত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰশ্ন সুধি প্ৰায় ডেৰ-দুঘণ্টা সময় বিনষ্ট কৰে।

অভিযোগ অনুসৰি বিদ্যালয় আৰু শ্ৰেণীকোঠাত অনুমতি অবিহনে প্ৰৱেশ কৰি ফটো তোলাৰ অভিযোগ উত্থাপন কৰা হৈছে দীপকেৰ বিৰুদ্ধে। এই ঘটনাৰ সময়তে বিদ্যালয়খনত অন্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক স্থান দিয়াৰ সন্দৰ্ভতো শিক্ষকৰ সৈতে দীপকে বাহিনী বিবাদত লিপ্ত হৈছিল।

শিক্ষকসকলে অভিযোগ কৰিছে যে দীপকে বাহিনীয়ে অশ্ৰাব্য ভাষা ব্যৱহাৰ কৰি তেওঁলোকক নিলম্বনৰ ভাবুকি দিয়া হৈছিল। এই সমগ্ৰ ঘটনাই বিদ্যালয়খনৰ শৈক্ষিক কাম-কাজত ব্যাঘাত জন্মা বুলিও শিক্ষকসকলৰ অভিযোগ।

অভিজিৎ দীপকেকে ধৰি পাঁচজন লোকৰ বিৰুদ্ধে ঔছা থানাত ৰুজু হৈছে এক গোচৰ। অভিযোগত উত্থাপিত অভিযোগৰ ওপৰত এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে অভিজিত দীপকে আৰু তেওঁৰ লগত উপস্থিত থকা ৰাইজৰ ভাষ্য এতিয়াও প্ৰকাশ পোৱা নাই। তেওঁলোকৰ ভাষ্য ৰাজহুৱা হোৱাৰ পিছতহে সমগ্ৰ বিষয়টোৰ ছবি স্পষ্ট হৈ পৰিব।

POPULAR

RECENT ARTICLES

spot_img