দিল্লী জিমখানা ক্লাব খালী কৰাৰ নিৰ্দেশ; চৰকাৰে কিয় ল’লে এই সিদ্ধান্ত?

Published:

নিৰাপত্তাজনিত কাৰণৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ পুৰণি জিমখানা ক্লাবৰ দায়িত্ব লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীৰ ছফদৰজং ৰোডত অৱস্থিত ব্ৰিটিছ যুগৰ পুৰণি আৰু সন্মানীয় ক্লাব বুলি গণ্য কৰা হয় এই জিমখানা ক্লাবটোক। প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ অতি ওচৰৰ হোৱা বাবেই কেন্দ্ৰীয় চৰকাৰে ক্লাবটোৰ দায়িত্ব গ্ৰহণৰ সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে।

সেই অনুসৰি ক্লাব প্ৰশাসনক অহা জুন মাহৰ ৬ তাৰিখৰ ভিতৰত চৌহদটো চৰকাৰক গতাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে নগৰ উন্নয়ন মন্ত্ৰালয়ে ।

এই নিৰ্দেশ অনুসৰি ৫ জুনত ভূমি আৰু উন্নয়ন কাৰ্যালয়ে ক্লাবটো আনুষ্ঠানিকভাৱে দখল কৰিব। চৰকাৰৰ কাৰিকৰী বিভাগৰ এটা দল অধিগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সেই স্থানত উপস্থিত হ’ব। নিৰ্দেশত স্পষ্টকৈ উল্লেখ আছে যে ক্লাব প্ৰশাসনে নিৰ্ধাৰিত তাৰিখত শান্তিপূৰ্ণভাৱে চৌহদ চৰকাৰী প্ৰতিনিধিক গতাই দিব লাগিব। তেনে নকৰিলে চৌহদটো জব্দ কৰাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই নিৰ্দেশ জাৰি কৰিছে উপ ভূমি আৰু উন্নয়ন বিষয়া সুচিত গোয়েলে। যোগ্য কৰ্তৃপক্ষৰ অনুমোদনৰ পিছত এই সিদ্ধান্ত লোৱা বুলিও আদেশত উল্লেখ কৰা হৈছে। এই সিদ্ধান্ত সন্দৰ্ভত চৰকাৰে এতিয়াও অধিক সবিশেষ প্ৰকাশ কৰা নাই যদিও নিৰাপত্তাজনিত উদ্বেগক ইয়াৰ প্ৰধান কাৰণ হিচাপে উল্লেখ কৰিছে।

দিল্লী জিমখানা ক্লাবৰ ইতিহাস

দিল্লী জিমখানা ক্লাবক দেশৰ অন্যতম পুৰণি আৰু সন্মানীয় ক্লাব হিচাপে গণ্য কৰা হয়। ১৯১৩ চনত ব্ৰিটিছ শাসনৰ সময়ত এই ক্লাবটো “ইম্পেৰিয়েল দিল্লী জিমখানা ক্লাব” নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল। স্বাধীনতাৰ পিছত ইয়াৰ নাম সলনি কৰি দিল্লী জিমখানা ক্লাব ৰখা হয়। চৰকাৰে কয় যে যি ২৭.৩ একৰ মাটিত ক্লাবটো নিৰ্মাণ কৰা হৈছে, যিটো ৰাষ্ট্ৰীয় নিৰাপত্তা, প্ৰতিৰক্ষা আন্তঃগাঁথনি, জনকল্যাণৰ বাবে অতি প্ৰয়োজনীয়।

POPULAR

RECENT ARTICLES

spot_img