দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ এটা মন্তব্যৰ বিৰোধিতাৰে আৰম্ভ হোৱা ব্যংগাত্মক ৰাজনৈতিক আন্দোলন ‘ককৰ’চ জনতা পাৰ্টী’ (চি জে পি)ৰ টুইটাৰ একাউণ্ট নিষিদ্ধ কৰি দিয়া হ’ল ভাৰতত। বিগত কিছুদিনৰ পৰা ইণ্টাৰনেটত ব্যাপক হাৰত চৰ্চা হৈছে চিজেপিৰ। ইণ্টাৰনেটত অভূতপূৰ্ব সমাদৰ পোৱাৰ পিছতেই বন্ধ কৰি দিয়ে চিজেপিৰ টুইটাৰ একাউণ্টটো। এই পদক্ষেপৰ পিছতেই চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰথমে টুইটাৰ একাউণ্টটো হেক কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু একাউণ্টটো হেক কৰিব নোৱাৰাত বন্ধ কৰি দিলে। সামাজিক মাধ্যমত ট্ৰেণ্ডিঙত থকা চিজেপিৰ এক্সত ফলোৱাৰ্ছৰ সংখ্যা ১.৬ লাখৰো অধিক আছিল। আনহাতে ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা ১৩ মিলিয়নৰো অধিক।
উল্লেখ্য যে চিজেপি নামৰ এই অনলাইন অভিযান ১৬ মে’ৰ পৰা আৰম্ভ হৈছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে দেশৰ কিছু সংখ্যক নিবনুৱা যুৱক-যুৱতীৰ মনোভাৱ বুজাবলৈ ‘ককৰ’চ’ শব্দটো ব্যৱহাৰ কৰিছিল। মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰত অভিজিৎ ডিপকেই লিখিছিল, ‘সকলো ককৰ’চ একত্ৰিত হ’লে কি হ’ব?’ ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত ‘ককৰ’চ জনতা পাৰ্টী’ নামৰ অনলাইন অভিযান আৰম্ভ হয়, আৰু লগে লগে ই অভিলেখ সংখ্যাক লোকৰ সহযোগিতা লাভ কৰে। ইনষ্টাগ্ৰাম ফলোৱাৰৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিটো ৰাজনৈতিক দলকে অতিক্ৰম কৰিছে চিজেপিয়ে। দলটোৰ ছ’চিয়েল মিডিয়া ফলোৱাৰৰ্ছ লিষ্টত আছে কেইবাজনো বিশিষ্ট নেতা আৰু চেলিব্ৰিটি।
অভিজিৎ ডিপকে কোন?
ককৰ’চ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক ৩০ বছৰীয়া অভিজিৎ ডিপকে। মহাৰাষ্ট্ৰৰ পুনেৰ পৰা সাংবাদিকতাৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যোৱা অভিজিতে প্ৰতিষ্ঠিত বষ্টন বিশ্ববিদ্যালয়ৰ পৰা জনসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। ডিপকে পেচাগতভাৱে এজন পলিটিকেল কমিউনিকেচন ষ্ট্ৰেটেজিষ্ট, যিয়ে ৰাজনৈতিক দলসমূহৰ বাবে ডিজিটেল ৰণনীতি প্ৰস্তুত কৰে।
চিজেপিৰ মূল দাবী
ককৰ’চ জনতা পাৰ্টীৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে ইস্তাহাৰ। ইস্তাহাৰত আছে কেইবাটাও দাবী। ইয়াৰ ভিতৰত আছে অৱসৰৰ পিছত মুখ্য ন্যায়াধীশক ৰাজ্যসভালৈ প্ৰেৰণ নকৰা, সদনত আসনৰ সংখ্যা বৃদ্ধি নকৰাকৈ মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা, দল সলনি কৰাৰ পিছত সাংসদ-বিধায়কসকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত ২০ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা, চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আদি।
উল্লেখ্য যে, ১৫ মে’ত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ এটা মন্তব্যৰ পিছতে সৃষ্টি হৈছিল চিজেপিৰ। তেওঁ একাংশ নিবনুৱা যুৱক-যুৱতীক ‘ককৰ’চ’ (পইতাচোৰা) আৰু সমাজৰ পৰজীৱী বুলি মন্তব্য কৰাৰ অভিযোগ উঠিছিল। ইয়াৰ প্ৰতিবাদ স্বৰূপে ১৬ মে’ত আম আদমী পাৰ্টীৰ (AAP) প্ৰাক্তন ছ’চিয়েল মিডিয়া কৰ্মী অভিজিৎ ডিপকে এই ব্যংগাত্মক আন্দোলনটো আৰম্ভ কৰে।