১৯৮৪ শিখ বিৰোধী সংঘৰ্ষৰ এটা গোচৰত দোষী সাব্যস্ত হোৱা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্য। তিহাৰ কাৰাগাৰত আজীৱন কাৰাদণ্ড ভুগি থকা সজ্জন কুমাৰক দিল্লীৰ চফদাৰজং হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও তাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত সজ্জন কুমাৰৰ বয়স আছিল ৮১ বছৰ।
উল্লেখ্য যে, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ১৯৮৪ চনৰ ১ নৱেম্বৰত দিল্লীৰ সৰস্বতী বিহাৰ অঞ্চলত এটা পৰিয়ালৰ পিতৃ-পুত্ৰক নৃশংসভাৱে হত্যা কৰা হৈছিল। সজ্জন কুমাৰক এই হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰা হয়। সৰস্বতী বিহাৰত যশৱন্ত সিং আৰু তেওঁৰ পুত্ৰ তৰনদীপ সিঙক হত্যা কৰাৰ লগতে সংঘৰ্ষক উচটনি দিয়াৰ অভিযোগত তেওঁক দোষী সাব্যস্ত কৰা হয়।
২০১৮ চনৰ ১৭ ডিচেম্বৰত আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। দোষী সাব্যস্ত হোৱাৰ পিছত সজ্জন কুমাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে।
উল্লেখ্য যে, সজ্জন কুমাৰে কংগ্ৰেছৰ টিকটত তিনিবাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ বহিঃ দিল্লী লোকসভা সমষ্টি (সম্প্ৰতি উত্তৰ-পূব দিল্লী)ক প্ৰতিনিধিত্ব কৰা সজ্জন কুমাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আছিল। দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁ ২০১৮ চনত কংগ্ৰেছৰ সকলো পদবীৰ পৰা পদত্যাগ কৰিছিল।


