পুনৰ সংসদত উত্থাপন হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক; এই সমূহ দলৰ সৈতে কেন্দ্ৰৰ আলোচনা

সংসদত পুনৰ এবাৰ সমষ্টি পুনঃনিৰ্ধাৰণ বিধেয়ক উত্থাপন কৰাৰ যোজা চলাইছে কেন্দ্ৰ চৰকাৰে। ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ইয়াক প্ৰযোজ্য কৰাটোৱে চৰকাৰৰ প্ৰধান উদ্দেশ্য। কিছু দিন পূৰ্বে নাৰী শক্তি বন্দন অধিনয়মৰ জৰিয়তে এই বিধেয়কখন উত্থাপন কৰিছিল সংসদত। কিন্তু সদনত এই বিধেয়কখন গৃহীত কৰাত ব্যৰ্থ হৈছিল কেন্দ্ৰ চৰকাৰ।

এইবাৰ কেন্দ্ৰ চৰকাৰে প্ৰতিখন ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধিৰ জৰিয়তে এই বিধেয়কখন পুনৰ সংসদত উত্থাপন কৰাৰ চিন্তা চৰ্চা কৰিছে। ইয়াৰ ফলত দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনত প্ৰতিবাদ হ্ৰাস পোৱাৰ লগতে সেই ৰাজ্যসমূহৰ আঞ্চলিক দলসমূহৰ সমৰ্থন লাভ কৰাৰো সম্ভাৱনা বৃদ্ধি পাব।

ইয়াৰ উপৰি তৃণমূল কংগ্ৰেছৰ বিসম্বাদী শিৱিৰ আৰু কংগ্ৰেছ-DMKৰ মাজত হোৱা বিভাজনেও কেন্দ্ৰ চৰকাৰক বিধেয়কখন গৃহীত কৰাত সহায় কৰিব বুলি অনুমান কৰা হৈছে। গৃহ মন্ত্ৰী অমিত শ্বাহে বিগত অধিৱেশনত এই প্ৰস্তাৱ প্ৰদান কৰিছিল যদিও এই সিদ্ধান্তক পোনচাতেই নাকচ কৰিছিল কংগ্ৰেছ দলে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত চোকা দৃষ্টি ৰখা এটা সূত্ৰই জানিব দিয়া অনুসৰি এই ক্ষেত্ৰত ইতিমধ্যে দেশৰ ভিন্ন ৰাজ্যৰ আঞ্চলিক দল সমূহৰ সৈতে কেন্দ্ৰ চৰকাৰে আলোচনা আৰম্ভ কৰিছে। কেন্দ্ৰৰ সৈতে আলোচনাত মিলিত হোৱা দলসমূহৰ মাজত আছে তামিলনাডুৰ DMK, তৃণমূল কংগ্ৰেছৰ বিসম্বাদী শিৱিৰ আৰু আন আন আঞ্চলিক দল।

উল্লেখ্য যে, ১৯৭১ চনৰ লোকপিয়লৰ পিছত চূড়ান্ত কৰা জনসংখ্যাৰ পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি বৰ্তমান লোকসভাৰ আসন আৱণ্টন কৰা হৈছে। বৰ্তমান লোকসভাত ৫৪৩ জন নিৰ্বাচিত সদস্য আছে। চাৰিবাৰকৈ সীমা নিৰ্ধাৰণ কৰা হৈছে। প্ৰথমে ১৯৫২ চনত, তাৰ পিছত ১৯৬২ চনত, তাৰ পিছত ১৯৭৩ চনত আৰু শেষবাৰৰ বাবে ২০০২ চনত। ২০০২ চনত হোৱা সীমা নিৰ্ধাৰণৰ ২৪ বছৰ পাৰ হৈ গ’ল। সেয়ে নতুন জনসংখ্যাৰ পৰিসংখ্যাৰ ভিত্তিত লোকসভাৰ আসন বৃদ্ধিৰ প্রস্তুতি অব্যাহত আছে।

চলিত বৰ্ষৰ ১৭ এপ্ৰিলত মহিলা সংৰক্ষণৰ সৈতে জড়িত সংবিধান সংশোধনী বিধেয়কক লৈ লোকসভাত মুখথেকেচাৰ সন্মুখীন হ’বলগীয়া হৈছিল বিজেপি চৰকাৰ। সাংবিধানিক সংশোধনী হিচাপে বিধেয়কখন গৃহীত কৰিবলৈ চৰকাৰক দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হৈছিল। বিধেয়কখনৰ সপক্ষে ২৯৮টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীয়ে লাভ কৰে ২৩০টা ভোট।

মুঠ ৫২৮ জন সাংসদে বিধেয়কখনৰ পক্ষত ভোটদান কৰিছিল, যাৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা আছিল ৩৫২। কিন্তু ইয়াৰ সপক্ষে মাত্ৰ ২৯৮টা ভোটহে দিয়াৰ ফলত ৫৪টা ভোটৰ ব্যৱধানত বিধেয়কখন গৃহীত হোৱা নাছিল।

 

Similar Articles

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে

0
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে... এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ ‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স...