হৰমুজত পুনৰ উত্তজেনা… ভাৰত অভিমুখী জাহাজত ড্ৰোন আক্ৰমণ

Published:

আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আৰম্ভ হৈছে যুদ্ধ। ইয়াৰ বাবে হৰমুজ প্ৰণালীতো বাঢ়িছে উত্তেজনা। হৰমুজ প্ৰণালীৰ সমীপৰ কাটাৰত ভাৰত অভিমুখী এখন LNG ভৰ্তি জাহাজত সংঘটিত হৈছে ড্ৰোন আক্ৰমণ। এই জাহাজখন কাটাৰৰ ৰাছ লফ্ফানৰ পৰা গুজৰাটৰ দাহেজ বন্দৰলৈ আহি আছিল। জানিব পৰা অনুসৰি জাহাজখনত থকা চাৰিগৰাকী ভাৰতীয় নাগৰিক সম্পূৰ্ণৰূপে সুৰক্ষিত। RPSLৰ তৰফৰ পৰা এই সমগ্ৰ ঘটনা অৱগত কৰা হৈছে DGCOMMক।

আক্ৰমণ সংঘটিত হোৱাৰ সময়ত জাহাজখনত ২৯ গৰাকী ক্ৰু মেম্বাৰ আছিল। খবৰ অনুসৰি গোটেই কেইগৰাকী ক্ৰু মেম্বাৰ সুৰক্ষিত হৈ আছে। অৱশ্যে জাহাজখনৰ কিছু ক্ষয়-ক্ষতি হোৱাৰ তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। হৰমুজ জলদ্বীপৰ সমীপৰ ওমান উপসাগৰত সংঘটিত হৈছে এক আক্ৰমণ।

জানিব পৰা অনুসৰি আক্ৰমণৰ পিছতেই জাহাজখনৰ ইঞ্জিন ৰুমটো জুইৱে আৱৰি ধৰিছিল। এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাটাৰে এই আক্ৰমণৰ বাবে ইৰাণক জগৰীয়া কৰে। লগতে বাণিজ্যিক জাহাজৰ ওপৰত হোৱা এই আক্ৰমণে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘনৰো অভিযোগ তোলে ইৰাণৰ বিৰুদ্ধে।

মন কৰিবলগীয়া যে ইৰাণ আৰু আমেৰিকাৰ মাজত পুনৰ এবাৰ যুদ্ধ আৰম্ভ হৈছে। ইৰাণৰ ৮০ টা স্থানত আক্ৰমণ কৰিছে আমেৰিকাই। ইৰাণেও আমেৰিকাৰ বিৰুদ্ধে আৰম্ভ কৰিছে বৃহৎ প্ৰত্যাক্ৰমণ।

POPULAR

RECENT ARTICLES

spot_img