ভাৰতত এণ্ট্ৰি কৰ’ণাতকৈও বিপদজনক ভাইৰাছ ইব’লা!

Published:

আফ্ৰিকাত কৰ’ণাতকৈও ভয়াৱহ ইব’লা ভাইৰাছৰ সংক্ৰমণৰ মাজতে উগাণ্ডাৰ পৰা উভতি অহা এগৰাকী মহিলাক বাংগালুৰুৰ এখন চৰকাৰী হাস্পতালত পৰ্যবেক্ষণৰ বাবে আইছ’লেট কৰা হৈছে। মহিলাগৰাকীৰ শৰীৰত সামান্য বিষ হৈছে যদিও ভাইৰাছৰ কোনো গুৰুতৰ লক্ষণ দেখা পোৱা নাই আৰু তেওঁৰ অৱস্থা সুস্থিৰ বুলি হাস্পতাল কৰ্তৃপক্ষই জানিব দিয়ে।

বিষয়াসকলৰ মতে, ইব’লা আক্ৰান্ত অঞ্চলৰ পৰা অহা মহিলাগৰাকীক হোটেলৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ নমুনা পৰীক্ষাৰ বাবে নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজী (এন আই ভি)লৈ প্ৰেৰণ কৰা হৈছে, আৰু প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছে।

চৰকাৰে উল্লেখ কৰিছে যে এই পৰ্যন্ত ভাৰতত ইব’লাৰ কোনো নিশ্চিত ৰোগী ধৰা পৰা নাই। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতত এতিয়ালৈকে ইব’লা ভাইৰাছ ৰোগত আক্ৰান্তৰ কোনো লোক নিশ্চিত হোৱা নাই। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে চৰকাৰে। এক বিবৃতিত মন্ত্ৰালয়ে কয় যে বিশেষকৈ আফ্ৰিকাৰ কিছু অংশত শেহতীয়াকৈ ইব’লাৰ প্ৰাদুৰ্ভাৱৰ খবৰ পোৱাৰ পিছত ইব’লাৰ বিকাশৰ পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে।

ইব’লা ভাইৰাছৰ সন্দৰ্ভত ভাৰত চৰকাৰক সতৰ্ক কৰি দিয়া হৈছে। ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে কংগো, উগাণ্ডা, দক্ষিণ চুডানৰ পৰা অহা বা ট্ৰেনজিট কৰা যাত্ৰীসকলৰ বাবে স্বাস্থ্য পৰামৰ্শ জাৰি কৰিছে। চৰকাৰে জ্বৰ, বমি, মূৰৰ বিষ, অস্বাভাৱিক ৰক্তক্ষৰণ, বা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শৰ দৰে লক্ষণ অনুভৱ কৰা যাত্ৰীসকলক ইমিগ্ৰেচন ক্লিয়াৰেন্সৰ পূৰ্বে বিমানবন্দৰৰ স্বাস্থ্য বিষয়াক তৎক্ষণাত অৱগত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

POPULAR

RECENT ARTICLES

spot_img