ডাম্পাৰৰ সৈতে ভয়ংকৰ সংঘৰ্ষ; ৮জন শ্ৰমিকৰ মৃত্যু, ৩০ৰো অধিক আহত

Published:

মধ্য প্ৰদেশৰ ভিণ্ড জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৮ গৰাকী শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন ৩০গৰাকী লোক গুৰুতৰভাৱে আহত হয়। শ্ৰমিক কঢ়িয়াই নিয়া এখন পিক আপ বাহনৰ সৈতে ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই শিহৰণকাৰী দুৰ্ঘটনাটো সংঘটিত হয়।

মঙলবাৰে পুৱতি নিশা চিমকা গাঁৱৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো। গোৱালিয়ৰত কাম শষ কৰি পিক আপ বাহনখনেৰে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰি অভিমুখে আহি থকা সময়তে দুৰ্ঘটনাত পতিত হয় শ্ৰমিকসকলৰ বাহনখন।

পথত থকা এটা জন্তুক বচাবলৈ গৈ বাহনখনে নিয়ন্ত্ৰণ হেৰৱুাই বিপৰীত দিশৰ পৰা আহি থকা ডাম্পাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা বুলি জানিব দিয়ে আৰক্ষীয়ে।

এই দুৰ্ঘটনাটোত পাঁচজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন তিনিজনৰ হাস্পতালত মৃত্যু হয়। ইফালে ৩০জনৰো অধিক শ্ৰমিকক গোহাডস্থিত এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। অৱশ্যে গুৰুতৰভাৱে আহত কেইবাজনো শ্ৰমিকক পিছত উন্নত চিকিৎসাৰ বাবে গোৱালিয়ৰলৈ প্ৰেৰণ কৰা হয়।

পিক আপ বাহনখন ভুল দিশেৰে গৈ থকাৰ বাবেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি জানিব দিয়ে আৰক্ষীয়ে।

POPULAR

RECENT ARTICLES

spot_img