সম্পূৰ্ণ হৈ উঠিছে ফুটবল মহাযুদ্ধৰ আয়োজন। আমেৰিকা, মেক্সিকো আৰু কানাডাৰ কেইবাখনো চহৰ নগৰ প্ৰায় এমাহ ধৰি ফুটবল উন্মাদনাত নিমজ্জিত হৈ থাকিব। সুসজ্জিত মেক্সিকো চহৰৰ এষ্টাডিঅ’ এজটেকাত ১১ জুনৰ নিশা বিশ্ববাসী সাক্ষী হৈ ৰ’ব ফুটবল ইতিহাসৰ আন এক স্বৰ্ণিল যাত্ৰাৰ।
প্ৰথমবাৰৰ বাবে ৪৮ টা দলৰ অংশগ্ৰহণেৰে তিনিখন দেশৰ সেউজ দলিচাত হ’বলগীয়া এই মহাৰণত কোন দলে বিজয়ৰ শেষ হাঁহি মাৰি অহা চাৰিবছৰৰ বাবে বিশ্ব ফুটবলৰ সাম্ৰাজ্য নিজৰ দখলত ৰাখিব তাৰ বাবে অপেক্ষা কৰিব লাগিব প্ৰায় এমাহ।
ইতিমধ্যে বিশ্বৰ অন্য প্ৰান্তৰ লগতে অসমতো দেখা গৈছে ফুটবল উন্মাদনা। ইংলিছ প্ৰিমিয়াৰ লীগ, লা লীগা, বুণ্ডেছলিগা, আই এছ এলৰ পাছতে এনেদৰে বিশ্বকাপক লৈ উদ্বাউল হৈ পৰা দেখিবলৈ পোৱা গৈছে অসমৰ ফুটবল প্ৰেমীসকলক। ক্ৰীড়া আড্ডাত সঘনাই চৰ্চিত হৈ আছে কোন হ’ব চেম্পিয়ন? মেছিৰ দেশ আৰ্জেণ্টিনা নে চাম্বাৰ দেশ ব্ৰাজিল। এই দুখনৰ উপৰিও আছে চাৰিবাৰৰ চেম্পিয়ন জাৰ্মানী, কেলিয়ান এমবাপেৰ দেশ ফ্ৰান্স, টিকি টাকা শৈলীৰে ২০১০ ত চেম্পিয়ন হোৱা স্পেইন আৰু পদশিল্পৰ যাদুকৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ দেশ পৰ্তুগাল।

যেনেদৰে আমেৰিকা, মেক্সিকো আৰু কানাডাৰ ৰাজপথত বিভিন্ন দেশৰ সমৰ্থকসকল ফুটবলৰ ৰাগীত মাতাল হৈ পৰিছে ঠিক সেইদৰে অসম তথা উত্তৰ-পূবৰো বিভিন্ন অঞ্চলৰ ফুটবল প্ৰেমীসকল বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ ফিফা বিশ্বকাপৰ জ্বৰত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। ৰাস্তাই ঘাটে, হাতে-বজাৰে, অফিচ-কাছাৰীত সকলোৰে মুখে মুখে সৰৱ আলোচনা। এয়াই ফুটবল উন্মাদনা। মহানগৰীৰ লগতে অসমৰ গাঁৱে-ভূঁঞে ৰাজপথত দেখা গৈছে মেছি, ৰ’নাল্ডো তথা নেইমাৰৰ জাৰ্ছী পৰিহিত শিশুৰ লগতে আৱাল-বৃদ্ধা সমৰ্থক। ৰাজ্যৰ প্ৰতিখন খেলপথাৰতে খেলুৱৈয়ে নিজৰ মনৰ পচন্দৰ খেলুৱৈক অনুসৰন কৰি ব্যস্ত আছে অনুশীলনত।
কিন্তু অতি পৰিতাপৰ বিষয় যে বিশ্বকাপত আজিলৈ ভাৰতে অংশগ্ৰহণ কৰিব পৰা নাই। কিন্তু এই দুখ একাষৰীয়া কৰি থৈ ভাৰতীয় ফুটবল প্ৰেমীৰ লগতে অসম তথা উত্তৰ-পূববাসীয়ে এই মহাযুদ্ধত হৈ পৰিব নিজ নিজ পচন্দৰ আন এখন দেশৰ নাগৰিক। কোনোবাই যদি মেছি, কোনোবাই নেইমাৰ আৰু আন কোনোবাই ৰ’নাল্ডো। স্পেইন, ফ্ৰান্স জাৰ্মানীৰো আছে অলেখ সংখ্যক সমৰ্থক।
সি যি নহওক ফুটবল মহাযুদ্ধ বিশ্বকাপলৈ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ফুটবল প্ৰিয় উত্তৰ-পূবৰ সমৰ্থকসকল অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে নিজ নিজ দলৰ কলাত্মক খেল উপভোগ কৰিবলৈ।






