ইউক্ৰেইনৰ ৰাজধানী কীভ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত ৰাছিয়াৰ সেনাই পুনৰ কৰিছে ভয়ংকৰ আক্ৰমণ। সোমবাৰে নিশা ৰাছিয়াৰ সেনাই চলোৱা মিছাইল আৰু ড্ৰোণ আক্ৰমণত এগৰাকী ভাৰতীয়সহ ১২ জন লোকৰ মৃত্যু হয়। আহত হৈছে এক ডজনৰো অধিক লোক। মঙলবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এই তথ্য ৰাজহুৱা কৰে।
ৰাছিয়াই শেহতীয়াকৈ বৃদ্ধি কৰা আক্ৰমণৰ বাবে ইউক্ৰেইনৰ ৰাজধানী কীভকে ধৰি ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণৰ মাজত পুনৰ ভয়, আশংকাই গা কৰিছে উঠিছে।
সোমবাৰে নিশা কৰা আক্ৰমণৰ সবিশেষ জানিব দি ইউক্ৰেইনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে কয় যে আক্ৰমণৰ ফলত কেইবাটাও আবাসীক অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আন আন ব্যক্তিগত সম্পত্তিৰো যথেষ্ট ক্ষতিসাধন হয়। আক্ৰমণৰ পিছতে ভিন্ন স্থানত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত লগে লগে ঘটনাস্থল সমূহলৈ প্ৰেৰণ কৰা হৈছে উদ্ধাৰকাৰী দল।
ইফালে আক্ৰমণৰ পিছতে জেলেনস্কিয়ে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাছিয়াই বৃহত সংখ্যক জেট ইঞ্জিনৰ দ্বাৰা পৰিচালিত ড্ৰোণ আৰু বেলিষ্টিক মিছাইলেৰে এই আক্ৰমণ চলাইছে। এই আক্ৰমণত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ পৰিয়াল তথা আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
কীভৰ উপৰি বোৰীস্পিল চহৰতো ৰাছিয়াই মিছাইল আৰু ড্ৰোণেৰে আক্ৰমণ কৰাৰ খবৰ আহিছে। এই অঞ্চলটোত বহু আৱাসিক অট্টালিকা আৰু ব্যৱসায়িক অঞ্চল ক্ষতিগ্ৰস্ত হোৱা বুলি ইউক্ৰেইনৰ তৰফৰ পৰা জনাইছে।


