এছিয়ান গেমছত মহিলা ক্ৰিকেট দলে ৰচিলে ইতিহাস; শ্ৰীলংকাক পৰাস্ত কৰি জিনিলে স্বৰ্ণ

Published:

ভাৰতৰ মহিলা ক্ৰিকেট দলৰ জৰিয়তে এছিয়ান গেমছ ২০২৬ত প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিলে ভাৰতে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ফাইনেলত শ্ৰীলংকা দলক ১৪৭ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি লাভ কৰে স্বৰ্ণ পদক।

টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰি শ্বেফালী বাৰ্মা (৪৮), স্মৃতি মান্ধনা (৭৯) আৰু ৰিচা ঘোষ (৪৯)ৰ দৰ্শনীয় ইনিংছৰ সহায়ত ভাৰতে ২১৬ ৰান সংগ্ৰহ কৰে।

২১৭ ৰানৰ বিশাল লক্ষ্য অতিক্ৰম কৰিবলৈ আহি শ্ৰীলংকা দলটোৱে মাত্ৰ ভাৰতীয় বলাৰৰ সন্মুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ৬৯ ৰানতে হেৰুৱাই আটাইকেইটা উইকেট। আৰু এইদৰে ভাৰতে ১৪৭ ৰানৰ বৃহত ব্যৱধানত জয়ী হৈ স্বৰ্ণ পদক অৰ্জন কৰে।

মেচখনত ভাৰতৰ হৈ দীপ্তি শৰ্মাই সৰ্বাধিক তিনিটা উইকেট দখল কৰে। আনহাতে শ্বেফালী বাৰ্মা, শ্ৰেয়াংক পাটিল আৰু শ্ৰী চৰণীয়ে দুটাকৈ উইকেট লাভ কৰে।

এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এয়া ক্ৰমাগত দ্বিতীয়টো স্বৰ্ণ পদক

POPULAR

RECENT ARTICLES

spot_img