আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্যলৈ আমন্ত্ৰণ বিজেপি আৰু কংগ্ৰেছক

Published:

আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণত মৃত্যু হোৱা ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ ৰাজহুৱা শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবলৈ ইৰাণৰ তৰফৰ পৰা বিজেপি আৰু কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বক আমন্ত্ৰণ জনোৱা বুলি এক বিশেষ সূত্ৰত প্ৰকাশ পাইছে বাতৰি।

বিশেষ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰি অনুসৰি ইৰাণে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছে। আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰ্ছিদকো একেই অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছে ইৰাণ চৰকাৰে।

আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্য অনুষ্ঠানত দুয়োটা দলৰ কোনোবা প্ৰতিনিধি উপস্থিত থাকিব নে সেই সন্দৰ্ভত এই পৰ্যন্ত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই দল দুটাই।

অৱশ্যে ভাৰতৰ প্ৰতিনিধি হিচাপে খামেনেইৰ শেষকৃত্যত উপস্থিত থাকিব বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল চৈয়দ আতা হাছনেইন আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

৪ জুলাইৰ পৰা ৯ জুলাইলৈ ইৰাণৰ কেইবাখনো চহৰত খামেনেইৰ স্মৃতিত সভা অনুষ্ঠিত হ’ব, য’ত লাখ লাখ লোক আৰু বহু ভিআইপি বিদেশী অতিথি উপস্থিত থাকিব বুলি আশা কৰা হৈছে। ইৰাণৰ সংবাদ মাধ্যমৰ মতে, ৪ আৰু ৫ জুলাইত তেহৰাণৰ ইমাম খোমেইনী মোছালা প্ৰাৰ্থনা হলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ৬ আৰু ৭ জুলাইত ৰাজধানী তেহৰাণ আৰু ইৰাণৰ মধ্য চহৰ ক’মত স্মৃতি সভা অনুষ্ঠিত হ’ব, তাৰ পিছত ৯ জুলাইত উত্তৰ-পূবৰ মাছহাদ চহৰত চূড়ান্ত অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত হ’ব। সেইদিনটোতে ছিয়া মুছলমানৰ অষ্টম ইমাম ইমাম ৰেজাৰ পবিত্ৰ দৰগাহ চৌহদত আয়াতুল্লাহ আলী খামেনেইক সমাধিস্থ কৰা হ’ব।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছিল ইৰাণৰ দীৰ্ঘকালীন শীৰ্ষ নেতা খামেনেইৰ। মাৰ্চ মাহৰ আৰম্ভণিতে তেওঁৰ পুত্ৰ মোজতাবা খামেনেইক ইৰাণৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিৰ্বাচিত হয়। মাৰ্চ মাহত খামেনেইৰ মৃত্যুক আমেৰিকা আৰু ইজৰাইলৰ ঐতিহাসিক আক্ৰমণৰ ফল বুলি অভিহিত কৰা হৈছিল।

POPULAR

RECENT ARTICLES

spot_img