কৰ্ণাটকৰ মাংগালুৰুৰ উৰৱা আৰক্ষী থানাত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে এগৰাকী বিজেপি নেতাই দাখিল কৰিছে অভিযোগ। স্বাধীনতা দিৱসৰ দিনটোত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত পতাকা উত্তোলন কাৰ্যসূচীৰ সময়ত ‘বন্দে মাতৰম’ গোৱাৰ সময়ত ছোনিয়া গান্ধীৰ আচাৰ-আচৰণক লৈ হোৱা বিতৰ্কৰ পিছতে তেওঁৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰা হৈছে।
বিজেপি নেতা বিকাশ পুত্তুৰে কয়, ‘কংগ্ৰেছৰ আচাৰ-আচৰণ সমগ্ৰ দেশে দেখিলে। কংগ্ৰেছ দলে সদায় ‘বন্দে মাতৰম’ৰ বিৰোধিতা কৰি আহিছে। কালি কংগ্ৰেছৰ কাৰ্যালয়ত পতাকা উত্তোলন কাৰ্যসূচীৰ সময়ত, যেতিয়া ‘বন্দে মাতৰম’ বজোৱা হৈছিল তেতিয়া ছোনিয়া গান্ধীক বাধা দিয়া দেখা গৈছিল। আমাৰ লগতে সমগ্ৰ দেশবাসীয়ে দেখিছে যে তেওঁ বাৰম্বাৰ বাধা প্ৰদান কৰিছিল আৰু নিজৰ কাৰ্যকৰ্তাক ‘বন্দে মাতৰম’ বন্ধ কৰিবলৈ কৈ আছিল।’
তেওঁ লগতে কয় যে এই সমগ্ৰ বিষয়া আইনৰ আওতাত আহে। আজি ‘বন্দে মাতৰম’ আমাৰ ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ৰ সমমৰ্যাদাৰ। য়ি পদবীতে নাথাকক কিয় বা যিমানেই শক্তিশালী নহওক ইয়াৰ অপমান কৰিলে আইনী তদন্ত হ’ব লাগে।
বিজেপি নেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে সেয়ে মই ছোনিয়া গান্ধীৰ বিৰুদ্ধে আইনী তদন্ত কৰিবলৈ আৰু FIR ৰুজু কৰিবলৈ উৰৱা আৰক্ষী থানাত অভিযোগ দাখিল কৰিছো।
যদিহে কংগ্ৰেছ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ আৰু আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে তদন্ত নকৰে তেন্তে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলিও বিজেপি নেতা পুত্তুৰে জানিব দিয়ে।
উল্লেখ্য যে, স্বাধীনতা দিৱস সমাৰোহৰ সময়ত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত উপস্থিত সকলোৱে পৰিৱেশন কৰি আছিল ‘বন্দে মাতৰম’। সেই সময়ত মঞ্চত উপস্থিত থকা কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে ইজনে সিজনৰ সৈতে কথা পাতি থকা দেখা গৈছিল আৰু সম্পূৰ্ণ গীতটো পৰিৱেশন কৰবিলৈ অস্বস্তি অনুভৱ কৰিছিল। বিজেপিয়ে এই ঘটনাক ৰাষ্ট্ৰীয় গীতৰ অপমান বুলি অভিহিত কৰি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে।


