গ্ৰেপ্তাৰৰ ভয়! পাটনা ছিভিল ক’ৰ্টত আত্মসমৰ্পণ খান ছাৰৰ

Published:

পাটনা প্ৰশিক্ষক কেন্দ্ৰত সংঘটিত গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি বিপদত পৰা খান ছাৰে নিজৰ অধিবক্তাৰ সৈতে উপস্থিত হৈছে পাটনা ছিভিল ক’ৰ্টত। প্ৰাপ্ত খবৰ অনুসৰি খান ছাৰে আদালতত আত্মসমৰ্পণ কৰিব আৰু তাৰ পিছতে তেওঁৰ অধিবক্তাই জামিনৰ বাবে আবেদন দাখিল কৰিব।

উল্লেখ্য যে, এজাহাৰ দাখিল কৰাৰ ২৪ ঘণ্টা পিছতো খান ছাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত আৰক্ষীৰ কৰ্মকাণ্ডত প্ৰশ্ন উত্থাপন হৈছিল। এজাহাৰ দাখিল হোৱাৰ পিছৰে পৰা খান ছাৰে ক’ত আত্মগোপন কৰি আছিল তাক লৈও উত্থাপন হৈছিল প্ৰশ্নৰ।

ইফালে খান ছাৰক গ্ৰেপ্তাৰত পলম হোৱা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছিল জ্ঞানবিন্দু কোচ্চিঙৰ শিক্ষক বৰুণ ঠাকুৰে। বৰুণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, ‘প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰা নাই। ৰোশন আনন্দক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হ’ল কিন্তু খান ছাৰক গ্ৰেপ্তাৰত ইমান পলম কিয়? প্ৰশাসনে নিৰপেক্ষভাৱে তদন্ত নকৰিলে আমি পুনৰ ৰাজপথত নামিম।’

স্মৰ্তব্য যে খান ছাৰৰ বিৰুদ্ধে হত্যাৰ চেষ্টা আৰু অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু হৈছিল। খান ছাৰৰ দেহৰক্ষীয়ে আৰক্ষীৰ আগত ভাষ্য প্ৰদান কৰিছিল যে তেওঁ আমাক কৈছিল যে তোমালোকে গুলী চলোৱা, পিছত মই সকলো চাই লম। তেওঁৰ দেহৰক্ষীয়ে দিয়া এই ভাষ্যৰ সহায়তে আৰক্ষীয়ে খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

গোচৰ ৰুজু হোৱাৰ পিছৰে পৰা খান ছাৰক গ্ৰেপ্তাৰৰ বাবে গঠন কৰা এটা বিশেষ দলে তেওঁক বিচাৰি আৰম্ভ কৰে অভিযান। বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, শুকুৰবাৰে নিশা আৰক্ষীৰ পাঁচখন গাড়ীয়ে পৃথকে পৃথকে খান ছাৰক গ্ৰেপ্তাৰৰ বাবে কোচ্চিং চেণ্টাৰত উপস্থিত হৈছিল।

POPULAR

RECENT ARTICLES

spot_img