দুলীপ ট্ৰফীৰ ছেমি ফাইনেলৰ প্ৰথম দিনটোতে বেগী বলাৰ মহম্মদ ছামীয়ে ৰচিলে ইতিহাস। মেচখনত দুটা উইকেট দখল কৰাৰ লগে লগে প্ৰফেশ্যনেল কেৰিয়াৰত ৯০০ উইকেট দখল কৰাৰ অনন্য কৃতিত্বৰ অধিকাৰী হয় ছামী।
প্ৰথম শ্ৰেণী, লিষ্ট এ’ আৰু টি-২০ মিলি ৯০০ বা তাতোকৈ অধিক উইকেট দখল কৰা ভাৰতৰ ষষ্ঠগৰাকী ক্ৰিকেটাৰত পৰিণত হ’ল মহম্মদ ছামী।
ছামীয়ে প্ৰথম শ্ৰেণীত ৩৭৯, লিষ্ট এ’ত ২৮৩ আৰু টি-২০ ক্ৰিকেটত ২৮০টা উইকেট দখল কৰিছে। ৬৪খন টেষ্ট, ১০৮খন এদিনীয়া আৰু ২৫খন আন্তঃৰাষ্ট্ৰীয় মেচত ছামীয়ে ক্ৰমে ২২৯, ২০৬ আৰু ২৭টা উইকেট দখল কৰিছে।
উল্লেখ্য যে, আজিৰ পৰা আৰম্ভ হোৱা দুলীপ ট্ৰফীৰ ছেমি ফাইনেলত ইষ্ট জ’নে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বেটিঙৰ আমণ্ট্ৰন পোৱা চেণ্ট্ৰেল জ’নে ২৬৬ ৰানতে সামৰে নিজৰ প্ৰথম ইনিংছ। চেণ্ট্ৰেল জ’নৰ অন্তিমটো উইকেটৰ পতনৰ লগে লগে অন্ত পৰে প্ৰথম দিনৰ খেল।
চেণ্ট্ৰেল জ’নৰ হৈ আৰয়ান জুয়ালে ৪৬ ৰান আৰু ৰিংকু সিঙে দলৰ হৈ সৰ্বাধিক ৬০ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ইফালে ইষ্ট জ’নৰ হৈ মুকেশ কুমাৰ আৰু অভিজিত সৰকাৰে তিনিটাকৈ উইকেট দখল কৰে। মহম্মদ ছামি আৰু কুনাইন কুৰেছিয়ে দুটাকৈ উইকেট দখল কৰে।


