আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্যত অংশ ল’ব পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

Published:

৪ জুলাইৰ পৰা আৰম্ভ হ’ব ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ স্মৃতি সভা। আগশাৰীৰ সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ হৈ বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল চৈয়দ আতা হাছনেইন আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৪ জুলাইৰ পৰা ৯ জুলাইলৈ ইৰাণৰ কেইবাখনো চহৰত স্মৃতি সভা অনুষ্ঠিত হ’ব, য’ত লাখ লাখ লোক আৰু বহু ভিআইপি বিদেশী অতিথি উপস্থিত থাকিব বুলি আশা কৰা হৈছে।

ইৰাণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাইছিল আমন্ত্ৰণ

ইৰাণে আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছিল। ইৰাণৰ সংবাদ মাধ্যমৰ মতে, ৪ আৰু ৫ জুলাইত তেহৰাণৰ ইমাম খোমেইনী মোছালা প্ৰাৰ্থনা হলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ৬ আৰু ৭ জুলাইত ৰাজধানী তেহৰাণ আৰু ইৰাণৰ মধ্য চহৰ ক’মত স্মৃতি সভা অনুষ্ঠিত হ’ব, তাৰ পিছত ৯ জুলাইত উত্তৰ-পূবৰ মাছহাদ চহৰত চূড়ান্ত অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত হ’ব। সেইদিনটোতে ছিয়া মুছলমানৰ অষ্টম ইমাম ইমাম ৰেজাৰ পবিত্ৰ দৰগাহ চৌহদত আয়াতুল্লাহ আলী খামেনেইক সমাধিস্থ কৰা হ’ব।

আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণত মৃত্যু হৈছিল খামেনেইৰ

২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছিল ইৰাণৰ দীৰ্ঘকালীন শীৰ্ষ নেতা খামেনেইৰ। মাৰ্চ মাহৰ আৰম্ভণিতে তেওঁৰ পুত্ৰ মোজতাবা খামেনেই ইৰাণৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিৰ্বাচিত হয়। মাৰ্চ মাহত খামেনেইৰ মৃত্যুক আমেৰিকা আৰু ইজৰাইলৰ ঐতিহাসিক আক্ৰমণৰ ফল বুলি অভিহিত কৰা হৈছিল।

খামেনেইৰ চাৰিজন আত্মীয়ৰো মৃত্যু হয়

সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ কথা ৰাজহুৱা কৰিছিল। খামেনেইৰ বয়স আছিল ৮৬ বছৰ আৰু বিগত ৩৬ বছৰ ধৰি ইৰাণক শক্তিশালীভাৱে শাসন কৰিছিল। ইৰাণৰ ফাৰ্চ নিউজ এজেন্সীয়ে সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি আমেৰিকা-ইজৰাইলৰ আক্ৰমণত খামেনেইৰ চাৰিজন আত্মীয়ও নিহত হৈছে, য’ত তেওঁৰ কন্যা, এজন নাতি আৰু জোঁৱাইও আছিল।

POPULAR

RECENT ARTICLES

spot_img