ৰঙিয়াত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত বিস্কুট প্ৰস্তুত কৰা এটা কাৰখানাত ৰঙিয়া সমজিলাৰ প্ৰশাসন আৰু ৰঙিয়া আৰক্ষীৰ এটা যুটীয়া দলে চলাই অভিযান। এক অভিযোগৰ ভিত্তিত আজি যুটীয়া অভিযানকাৰী দলটোৱে ৰঙিয়া চহৰৰ নুৰুদ্দিন পথত থকা এটা বিস্কুটৰ কাৰখানাত উপস্থিত হয়।
দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে কাৰখানাটোত তালাচী চলোৱাৰ সময়ত সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজেৰে বিস্কুট, কেক আদিকে কৰি বিভিন্ন খোৱা সামগ্ৰী প্ৰস্তুত কৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে আৰক্ষীয়ে কাৰখানাটো ছীল কৰি দিয়াৰ উপৰি জব্দ কৰে ম্যাদ উকলি যোৱা বিভিন্ন প্ৰকাৰৰ বিস্কুট।
ইফালে কাৰাখানাটোৰ স্বত্তাধিকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিব দিছে অভিযানকাৰী দলটোৱে।


