ভাৰতীয় দলৰ বাবে আন এক মোক্ষম আঘাত… টেষ্ট শৃংখলাৰ পৰা বাহিৰ এইগৰাকী তাৰকা বেটাৰ

Published:

শ্ৰীলংকা ভ্ৰমণলৈ যোৱা ভাৰতীয় দলত আন এক মোক্ষম আঘাত। যশপ্ৰীত বুমৰাহৰ পিছত এইবাৰ ভাৰতীয় দলৰ পৰা বাহিৰ হ’ল ছাই সুদৰ্শন। ভৰিৰ আঙুলিত পোৱা আঘাতৰ পৰা সম্পূৰ্ণৰূপে উপশম লাভ নকৰাৰ বাবে তেওঁ দুখন মেচৰ টেষ্ট শৃংখলাটোৰ পৰা বাহিৰ হ’বলগীয়া হৈছে।

উল্লেখ্য যে, ৪ আগষ্টত মুম্বাইৰ পৰা শ্ৰীলংকা অভিমুখে ৰাওনা হোৱা ভাৰতীয় দলটোৰ সৈতে যোৱা নাছিল ছাই সুদৰ্শন। সেয়ে তেওঁ শুকুৰবাৰৰ পৰা শ্ৰীলংকা একাদশৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰস্তুতিমূলক মেচখনত অংশ লোৱাৰ পৰা বিৰত আছিল।

শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাটোৰ বাবে যশপ্ৰীত বুমৰাহৰ লগতে ছাই সুদৰ্শনকো দলত স্থান দিয়া হৈছিল। অৱশ্যে দলত তেওঁলোকৰ উপস্থিতি ফিটনেছৰ ওপৰত নিৰ্ভৰ আছিল। ইতিমধ্যে বুমৰাহৰ স্থানত দলত স্থান দিয়া হৈছে আকিব নবীক।

ইফালে সুদৰ্শনৰ বিকল্প হিচাপে ভাৰতীয় মূল একাদশত দেৱদত্ত পাডিকল্লৰ স্থান প্ৰায় নিশ্চিত। ইতিমধ্যে প্ৰস্তুতিমূলক মেচত পাডিকল্লে খেলিছে দৰ্শনীয় শতকীয় ইনিংছ। তিনিদিনীয়া প্ৰস্তুতি মেচত পাডিকল্লে ১২১টা বলত ১০৩ ৰানৰ অপৰাজিত ইনিংছ খেলে। ইয়াৰ উপৰি আঘাতপ্ৰাপ্ত সুদৰ্শনৰ ঠাইত ১৫ জনীয়া দলত ছাৰফৰাজ খানক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

স্মৰ্তব্য যে, সম্প্ৰতি ছাই সুদৰ্শন BCCIৰ চেণ্টাৰ অফ এক্সিলেন্সত আছে। তাতেই বিশেষজ্ঞৰ দলে তেওঁৰ ফিটনেছৰ ওপৰত নজৰ ৰাখিছে।

POPULAR

RECENT ARTICLES

spot_img