বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ বাবে দুঃখবৰ। আফগানিস্তানৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শ্বাপুৰ জাদৰানৰ দেহাৱসান। দীৰ্ঘদিন ধৰি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত ভুগি থকাৰ পিছত আজি ক্ৰিকেটাৰগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে মঙলবাৰে প্ৰকাশ কৰিছে এই তথ্য।
আফগানিস্তানৰ ব’ৰ্ডে এটা বিবৃতিৰ জৰিয়তে কয়, ‘আফাগানিস্তানৰ প্ৰাক্তন তাৰকা বেগী বলাৰ শ্বাপুৰ জাদৰানৰ মৃত্যুত অত্যন্ত দুখী। আফগানিস্তান ক্ৰিকেটৰ অন্যতম প্ৰতিষ্ঠাপক আছিল শ্বাপুৰ। আমাৰ দেশৰ ক্ৰিকেটৰ প্ৰগতি আৰু প্ৰসাৰত তেওঁৰ অৰিহনা আছিল অনন্য।’
জাদৰান ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৈতে জড়িত ৰোগ হেমোফেগ’চাইটিক লিম্ফোহিষ্টিঅ’চাইট’ছিছ (HLH)ত আক্ৰান্ত হৈছিল। যোৱা কেইমাহমানৰ পৰা তেওঁ ভাৰতৰ এন চি আৰ অঞ্চলস্থিত এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল। গ্ৰেটাৰ নয়ডাৰ এখন চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰা বুলি জানিব পৰা গৈছে।
শ্বাপুৰৰ ভাতৃয়ে জানিব দিয়া অনুসৰি, বিগত বছৰৰ অক্টোবৰ মাহৰ পৰা তেওঁৰ চিকিৎসা চলি আছিল। চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই তেওঁক চিকিৎসাৰ বাবে অনা হৈছিল ভাৰতলৈ।
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত শ্বাপুৰে আফগানিস্তানৰ হৈ ৪৪খন এদিনীয়া আৰু ৩৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। ৪৪টা এদিনীয়া ইনিংছত ৪৩টা উইকেট দখল কৰাৰ বিপৰীতে ৩৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৩৭টা উইকেট দখল কৰে।


