কৃষক আৰু শিক্ষক সকলক লৈ মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ ঘোষণা

Published:

কৃষক আৰু শিক্ষক সমাজক লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে বিধানসভাত কৰিছে এক ডাঙৰ ঘোষণা। ২০২১ চনৰ পৰা ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত জীৱিকা, অধিকাৰ আৰু বৈধ দাবীৰ বাবে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা সকলো কৃষক আৰু শিক্ষকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী বিজয়ে।

মানৱতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰী বিজয়ে এই সিদ্ধান্ত লৈছে। তেওঁ কয়, ‘আমাৰ চৰকাৰে সদায় কৃষক আৰু শিক্ষকৰ পক্ষত থাকিব। এই পদক্ষেপে গণতান্ত্ৰিক অধিকাৰ আৰু অধিক শক্তিশালী কৰিব আৰু জনসাধাৰণ আৰু চৰকাৰৰ মাজত আস্থা বৃদ্ধি কৰিব।’

উল্লেখ্য যে, তিৰুৱন্নমলাই জিলাৰ SIPCOT ঔদ্যোগিক পাৰ্কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কৃষকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। কেৱল এয়াই নহয় একাংশৰ বিৰুদ্ধে কঠোৰ গুণ্ডা আইনৰ ধাৰাও সংযোজন কৰা হৈছিল। একেদৰে পাৰান্দুৰত নতুন বিমানবন্দৰ প্ৰকল্পৰ বাবে কৃষকসকলে নিজৰ কৃষিভূমি, পানীৰ উৎস, কৰ্মসংস্থাপন হেৰুৱাৰ আশংকাত প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলৰ বিৰুদ্ধে পূৰ্বৰ চৰকাৰে অমানৱীয়ভাৱে গোচৰ ৰুজু কৰিছিল, আৰু গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে।

ইয়াৰ মাজতে নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট (NEET)ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদাকীৰ শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহো প্ৰত্যাহাৰ কৰিবলৈ CPIৰ তৰফৰ পৰা চৰকাৰক দাবী জনায়।

আনহাতে নেইভেলী লিগনাইট কৰ্প’ৰেশ্যন (NLC)ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা লোকসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহো প্ৰত্যাহাৰ কৰিবলৈ মুখ্য়মন্ত্ৰী বিজয়ক অনুৰোধ জনাইছে PMKয়ে। এই দুয়োটা বিষয়ত চৰকাৰে বিচাৰ বিবেচনা কৰি থকা বুলি জনাই বিজয় নেতৃত্বাধীন চৰকাৰৰ আইন মন্ত্ৰী নিৰ্মল কুমাৰে।

POPULAR

RECENT ARTICLES

spot_img