তেহেলকা মেগাজিনৰ সহঃপ্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য সম্পাদক তৰুণ তেজপালক যৌন নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগত ১০ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰিছে ব’ম্বে উচ্চ ন্যায়ালয়ে। গোৱা বিচাৰপীঠে নিম্ন আদালতৰ ৰায় বাতিল কৰি তেওঁক দোষী সাব্যস্ত কৰে। ৰায়দানৰ পিছতে তেওঁ এই সিদ্ধান্তত গভীৰভাৱে হতাশ হোৱা বুলি কয় আৰু নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা উল্লেখ কৰে।
ইফালে তেজপালে আত্মসমৰ্পণৰ বাবে ৮ সপ্তাহৰ সময় বিচাৰিছে। তেওঁ লগতে এই সমগ্ৰ ঘটনাটোত তেওঁ ৰাজনৈতিক চক্ৰান্তৰ বলি হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
উল্লেখ্য যে, এই সমগ্ৰ ঘটনাটো এগৰাকী মহিলা সাংবাদিকৰ অভিযোগৰ সৈতে জড়িত। ২০১৩ চনৰ ৭ আৰু ৮ নৱেম্বৰত এখন হোটেলৰ লিফ্টত মহিলা সাংবাদিকগৰাকীক তেজপালে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।
এই অভিযোগৰ পিছতেই ২০১৩ চনৰ ৩০ নৱেম্বৰত তেজপালক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ২০১৭ চনৰ ২৯ ছেপ্তেম্বৰত আদালতে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত ধৰ্ষণ, যৌন নিৰ্যাতন, অন্যায়ভাৱে বন্দীত্বৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্য়ে তেওঁ আৰম্ভণিৰে পৰা নিজকে দোষমুক্ত বুলি কৈ আহিছিল।
শাস্তি ঘোষণাৰ পিছতেই তৰুণ তেজপালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘মোৰ বয়স এতিয়া ৬২ বছৰ আৰু মই ভাবো যে মই এজন ভুক্তভোগী। মোৰ পত্নী আছে, আৰু ক’বলগীয়া একো নাই।’


