মানৱৰ ‘ঘূৰ্ণি’ত বিধ্বস্ত সিংহলী বাহিনী; প্ৰথম টেষ্টত ১৬৫ ৰানত জয় ভাৰতৰ

Published:

টীম ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে ১৬৫ ৰানত জয় লাভ কৰিছে। জয়ৰ বাবে বান্ধি দিয়া ৩৭২ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই ২০৬ ৰানহে সংগ্ৰহণ কৰিবলৈ সক্ষম হয়। এই জয়ৰ লগে লগে দুখন মেচৰ শৃংখলাত ভাৰতে ১-০ৰ অগ্ৰগতি লাভ কৰে।

এই মেচখনৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে উদীয়মান বাঁওহতীয়া স্পিনাৰ মানৱ সুথাৰে। মানৱে দ্বিতীয় ইনিংছত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই ৬টা উইকেট দখল কৰে। প্ৰথম ইনিংছতো সুথাৰে দখল কৰিছিল ৪টা উইকেট। এইদৰে প্ৰথম আৰু দ্বিতীয় ইনিংছ মিলি মেচখনত তেওঁ ১০টা উইকেট দখল কৰি নতুন ইতিহাসৰ সূচনা কৰে।

ইয়াৰ উপৰি মেচখনত বাঁওহতীয়া বেটাৰ দেৱদত্ত পাড়িক্কলেও আগবঢ়াই সুন্দৰ প্ৰদৰ্শন। তেওঁ প্ৰথম ইনিংছত ১৬৭ ৰানৰ এক বৃহত ইনিংছ খেলিছিল, যাৰ সহায়ত ভাৰতে নিজৰ প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ৪৬০ ৰান। দ্বিতীয় ইনিংছতো পাড়িক্কলে ৪৪ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল।

মেচখনৰ সবিশেষ

ভাৰতে প্ৰথম ইনিংছত ৪৬০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শ্ৰীলংকাই প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ২৮৪ ৰান। প্ৰথম ইনিংছৰ জৰিয়তে ১৭৮ ৰানৰ অগ্ৰগতি লাভ কৰা ভাৰতে দ্বিতীয় ইনিংছত মাত্ৰ ১৯৩ ৰানতে অলআউট হয় আৰু শ্ৰীলংকাক জয়ৰ বাবে বান্ধি দিয়ে ৩৭২ ৰানৰ লক্ষ্য। কিন্তু ঘৰুৱা দল শ্ৰীলংকাই দ্বিতীয় ইনিংছত মাত্ৰ ২০৬ ৰানহে কৰিবলৈ সক্ষম হোৱাত মেচখন ভাৰতে ১৬৫ ৰানত জয় লাভ কৰে।

বলিঙেৰে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা মানৱ সুথাৰে লাভ কৰে প্লেয়াৰ অফ দ্যা মেচৰ খিতাপ।

POPULAR

RECENT ARTICLES

spot_img