১৯ অনুৰ্ধ এছিয়া কাপ ২০২৬ৰ ফাইনেলত পাকিস্তানক এক উইকেটত পৰাস্ত কৰি ভাৰতে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে এই খিতাপ দখল কৰে। ভাৰতীয় যুৱ ক্ৰিকেটাৰৰ এই ঐতিহাসিক সফলতাৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাজনো নেতাই আনন্দ প্ৰকাশ কৰি অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া পোষ্টত উল্লেখ কৰে যে ভাৰতীয় ক্ৰিকেটৰ বাবে এয়া এক আচৰিত দিন। তেওঁ উল্লেখ কৰে যে দলটোৰ সফলতাই আন যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিব। লগতে প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক তেওঁলোকৰ ভৱিষ্যতৰ বাবে শুভকামনা জনায়।

গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় দলৰ জয়ত সুখ প্ৰকাশ কৰে। ইয়াক এক ৰোমাঞ্চকৰ জয় বুলি অভিহিত কৰি তেওঁ কয় যে পুৰুষৰ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দললৈ অভিনন্দন। এই দৰ্শনীয় বিজয়ে সমগ্ৰ দেশক আনন্দ আৰু গৌৰৱেৰে ভৰাই তুলিছে।
শ্বাহে কয় যে খেলুৱৈসকলে খেলপথাৰত অদম্য সাহস, দৃঢ়তা আৰু উৎকৃষ্ট ক্ৰীড়া দক্ষতা প্ৰদৰ্শন কৰে। এয়া ভাৰতীয় ক্ৰিকেটৰ উৎকৃষ্টতাৰ নিদৰ্শন। তেওঁলোকৰ এই প্ৰদৰ্শনে বহু উদীয়মান ক্ৰিকেটাৰক বিজয়ী হ’বলৈও অনুপ্ৰাণিত কৰিব।
পুৰুষৰ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত ভাৰতে পাকিস্তানক এক উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি পাকিস্তানে ভাৰতক ৩৩৮ ৰানৰ লক্ষ্য বান্ধি দিয়ে। এই কঠিন লক্ষ্য অনুসৰণ কৰা ভাৰতে ৯টা উইকেট হেৰুৱাই অন্তিমটো বলত বিজয়ী হৈ খিতাপ দখল কৰে।
ভাৰতৰ এই ৰোমাঞ্চকৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মোহিত উলভা আৰু মনল চৌহানে। অধিনায়ক লক্ষ্য ৰাজেশ ৰায়চন্দানি আৰু আৰ্যবীৰ ছেহৱাগেও গুৰুত্বপূৰ্ণ অদান আগবঢ়ায়।


