ইউ এ ইত অনুষ্ঠিত হৈ থকা মহিলা এছিয়া কাপ ২০২৬ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে। বৃহস্পতিবাৰে হংকঙৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচত ১৩৭ ৰানৰ বৃহত ব্যৱধানত জয়ী হোৱাৰ পিছতে প্ৰতিযোগিতাখনৰ অন্তিম চাৰিত প্ৰৱেশ কৰে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতে।
প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলৰ পূৰ্বে গ্ৰুপ ষ্টেজৰ অন্তিমখন মেচত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ সৈতে মুখামুখি হ’ব ভাৰত। হাইভল্টেজ এই মেচখনৰ বাবে যথেষ্ট উৎসুকতাৰে বাট চাই ৰৈছে দুয়োখন দেশৰ কোটি কোটি ক্ৰিকেট অনুৰাগী।
উল্লেখ্য যে, প্ৰতিযোগিতাখনৰ গ্ৰুপ এ’ত একেলগে আছে ভাৰত আৰু পাকিস্তান। গ্ৰুপ এ’ৰ প্ৰথম দুয়োখন মেচ জয়ী হৈ ইতিমধ্যে ছেমিত প্ৰৱেশ কৰিছে ভাৰতে। প্ৰথমখন মেচত থাইলেণ্ডক ৯৪ ৰানত আৰু দ্বিতীয়খন মেচত হংকঙক ১৩৭ ৰানত পৰাস্ত কৰে ভাৰতে।
হংকঙৰ বিৰুদ্ধে মেচখনত ভাৰতীয় দলৰ অপেনাৰ বেটাৰ স্মৃতি মান্ধানাই ১২৪ ৰানৰ ঐতিহাসিক ইনিংছ খেলে। ৬৪টা বলত খেলা বিস্ফোৰক শতকীয় ইনিংছটোত আছিল ৭টা ছয় আৰু ১৪টা চাৰি।
পাকিস্তানৰ বিৰুদ্ধে হ’বলগীয়া ভাৰতৰ গ্ৰুপ ষ্টেজৰ অন্তিমখন মেচ কাইলৈ অৰ্থাত ৫ ছেপ্তেম্বৰত ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। নিশা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনৰ লাইভ সম্প্ৰচাৰ Sony Sports Ten 1, Sony Sports Ten 3 আৰু Sony Sports Ten 4ত কৰা হ’ব।


