দুলীপ ট্ৰফীৰ ফাইনেলত পূব মণ্ডলৰ অধিনায়ক ঈষান কিষাণে ৰচিলে কেইবাটাও অভিলেখ

Published:

পূব মণ্ডলৰ অধিনায়ক ঈশান কিষাণে চলিত বৰ্ষৰ দুলীপ ট্ৰফীৰ ফাইনেলত ৰচিলে ইতিহাস। কিষাণে ৩৩৪টা বলত ২৭০ ৰানৰ এক বৃহত ইনিংছ খেলি তিনিটা ডাঙৰ অভিলেখ ভংগ কৰে। তেওঁৰ ঐতিহাসিক ইনিংছটোৰ বাবেই পূব মণ্ডলে সংগ্ৰহ কৰে ৭০৮ ৰানৰ বিশাল স্ক’ৰ।

স্মৰ্তব্য যে, দুলীপ ট্ৰফীৰ ফাইনেলত দ্বিশতক অৰ্জন কৰা পূব মণ্ডলৰ প্ৰথমগৰাকী বেটছমেন হিচাপে পৰিগণিত হয় কিষাণ। ২৭০ ৰানৰ ইনিংছৰ সহায়ত ঈষানে গঢ়িলে কেইবাটাও ডাঙৰ অভিলেখ।

তিনিটা ডাঙৰ অভিলেখ ভংগ কৰিলে ঈশান কিষাণে

চূড়ান্ত খেলখনত ঈশান কিষাণে ২৭০ বলত নিজৰ দ্বিশতক সম্পূৰ্ণ কৰে। তেওঁ ৩৩৪টা বলত ৩০টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ২৭০ ৰানৰ বিশাল ইনিংছ খেলে। ঈশানৰ পূৰ্বে দুলীপ ট্ৰফীৰ ফাইনেলত ইষ্ট জ’নৰ হৈ সৰ্বাধিক ইনিংছৰ অভিলেখ আছিল ঋদ্ধিমান সাহাৰ। তেওঁ ২০১২ চনৰ ফাইনেলত ১৭০ ৰানৰ ইনিংছ খেলিছিল।

ফাইনেলত সৰ্বোচ্চ ইনিংছ সংগ্ৰহ কৰা উইকেটকীপাৰ-বেটছমেন হিচাপে পৰিগণিত ঈশান কিষাণ

উল্লেখ্য যে মধ্য মণ্ডলৰ বিৰুদ্ধে খেলা ফাইনেলত পাঁচ নম্বৰত বেটিং কৰি ঈশান কিষাণে ২৭০ ৰান সংগ্ৰহ কৰে। ঈশানে এতিয়া দুলীপ ট্ৰফীৰ ফাইনেলত সৰ্ববৃহত ইনিংছ খেলা উইকেটকীপাৰ-বেটছমেন হিচাপে পৰিগণিত হৈছে। ২০১০ চনৰ দুলীপ ট্ৰফীৰ ফাইনেলত ১৮৩ ৰানৰ সংগ্ৰহ কৰা দীনেশ কাৰ্তিকৰ অভিলেখ ভংগ কৰে কিষাণে। ইয়াৰ উপৰি ঈশান দুলীপ ট্ৰফীৰ ফাইনেলত দ্বিশতক অৰ্জন কৰাও প্ৰথমজন উইকেটকীপাৰ-বেটছমেন।

দ্বিশতক অৰ্জন কৰা তৃতীয়গৰাকী বেটছমেন

দুলীপ ট্ৰফীত পূব মণ্ডলৰ হৈ দ্বিশতক অৰ্জন কৰা তৃতীয়জন বেটছমেন হিচাপে পৰিগণিত হয় ঈশান কিষাণ। তেওঁৰ পূৰ্বে অৰুণ লাল আৰু চাবা কৰিমে এই কৃতিত্ব গঢ়িছিল। সামগ্ৰিকভাৱে ঈশানে দুলীপ ট্ৰফীৰ ফাইনেলত ২০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা সপ্তমজন বেটছমেন হিচাপেও পৰিগণিত হয়।

POPULAR

RECENT ARTICLES

spot_img