নতুন দিল্লীত আৰম্ভ হোৱা ১৮ সংখ্যক ব্ৰিকছ সন্মিলন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হ’বলগীয়া গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনাৰ ঠিক পূৰ্বে চীনৰ পৰা পৰা আহিছে ইতিবাচক বাৰ্তা।
চীনৰ বৈদেশিক মন্ত্ৰালয়ে শুকুৰবাৰে কয় যে ভাৰত আৰু চীনে তেওঁলোকৰ মতানৈক্যসমূহ ন্যায়সংগত আৰু উপযুক্তভাৱে সমাধান কৰিব লাগে। চুবুৰীয়া দেশ দুখনে নিজৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত, ব্যাপক আৰু দীৰ্ঘম্যাদী দৃষ্টিকোণৰ পৰা চোৱা প্ৰয়োজন।
ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ শনিবাৰে নতুন দিল্লীত উপস্থিত হ’ব চীনৰ ৰাষ্ট্ৰপতি জিনপিং। প্ৰায় সাত বছৰৰ পাছত এইটোৱেই হ’ব তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০১৯ চনত চেন্নাইৰ মামাল্লাপুৰমত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে অনানুষ্ঠানিক আলোচনাত মিলিত হৈছিল।
এই সন্মিলনৰ উপৰিও প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জিনপিঙৰ এই বৈঠকক অতি বিশেষ বুলি গণ্য কৰা হৈছে। কিয়নো ২০২০ চনত পূব লাডাখ সীমান্তত সৃষ্টি হোৱা উত্তেজনাৰ পিছত দুয়োখন দেশৰ মাজত সম্পৰ্ক পুনৰ স্বাভাৱিক কৰাৰ প্ৰচেষ্টাৰ অংশ।
বেইজিঙত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে কয় যে দুয়োগৰাকী শীৰ্ষ নেতাৰ কৌশলগত নিৰ্দেশনাত ভাৰতৰ সৈতে একেলগে কাম কৰিবলৈ চীন সাজু। তেওঁ জোৰ দি কয় যে ভাৰত আৰু চীনে ইজনে সিজনক উন্নতি কৰাত সহায় কৰি ভাল চুবুৰীয়া আৰু শক্তিশালী অংশীদাৰ হিচাপে আগবাঢ়িব লাগে।


