ভাৰতৰ পৰা নিজ দেশলৈ ৰাওনা চীনা ৰাষ্ট্ৰপতি শ্বি জিনপিং

Published:

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ থকা অষ্টাদশ ব্ৰিকছ সন্মিলনৰ আজি দ্বিতীয় তথা অন্তিম দিন। দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ বাবে পুনৰ এবাৰ পুটিন, জিনপিঙৰ দৰে BRICSৰ শীৰ্ষ নেতাসকল নতুন দিল্লীৰ ভাৰত মণ্ডপমত একত্ৰিত হয়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ শুনি নিজ দেশলৈ ৰাওনা হয় চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং।

প্ৰায় ৭ বছৰৰ মূৰত শনিবাৰে দুপৰীয়া এয়াৰ চাইনাৰ বিমানেৰে নতুন দিল্লীত উপস্থিত হৈছিল জিনপিং। তেওঁৰ সৈতে ব্ৰিকছ সন্মিলনত অংশ ল’বলৈ চীনৰ পৰা আহিছিল এটা শীৰ্ষ পৰ্যায়ৰ প্ৰতিনিধি মণ্ডল। বিমান বন্দৰৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে হোংছি এন৭০১ চাৰিচকীয়া বাহনেৰে জিনপিং উপস্থিত হৈছিল ভাৰত মণ্ডপমত। চীনৰ ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ব্ৰিকছৰ প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীত অংশ লোৱাৰ পিছত বিয়লি চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক। ৪৫ মিনিট সময়জোৰা এই বৈঠক যথেষ্ট ইতিবাচক আছিল বুলি বিদেশ মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

আলোচনাৰ সময়ত দুয়োজন নেতাই পুনৰ কয় যে দুয়োখন দেশৰ সম্পৰ্কক কৌশলগত আৰু দীৰ্ঘম্যাদী দৃষ্টিকোণৰ পৰা চোৱা উচিত আৰু মতানৈক্যক বিবাদলৈ পৰিণত কৰা উচিত নহয়। আলোচনাৰ সময়ত অৰ্থনৈতিক দিশত মোদী আৰু জিনপিঙে গাঁথনিগত বাণিজ্যিক ভাৰসাম্যহীনতা আৰু যোগান শৃংখলৰ সমস্যাকে ধৰি ইজনে সিজনৰ উদ্বেগসমূহৰ সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উল্লেখ্য যে, কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকৰ পৰিণতিতহে শ্বি জিনপিঙৰ ভাৰত ভ্ৰমণ নিশ্চিত হয়। ২০২০ চনৰ গালৱান উপত্যকাৰ সংঘৰ্ষৰ ফলত ভয়াৱহভাৱে প্ৰভাৱিত হোৱা দুয়োখন দেশৰ সম্পৰ্ক পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে বিগত কেইমাহমানৰ পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে।

ব্ৰিকছ সন্মিলনৰ পূৰ্বে যোৱা বছৰৰ ৩১ আগষ্টত চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সময়তো প্ৰধানমন্ত্ৰী মোদী আৰু জিনপিঙে বিস্তৃত আলোচনাত মিলিত হৈছিল।

POPULAR

RECENT ARTICLES

spot_img