ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাৰ বাবে আজি বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় দল। কেইবাগৰাকীও তাৰকা খেলুৱৈৰ অনুপস্থিতিৰ বাবে শৃংখলাটোত স্থান দিয়া হৈছে কেইবাজনো উদীয়মান তাৰকাক। নমন ধীৰ আৰু আকিব নবী দাৰৰ দৰে ক্ৰিকেটাৰক প্ৰথমবাৰৰ বাবে এদিনীয়া দলত অন্তৰ্ভুক্ত কৰিছে বিচিচিআইয়ে।
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে কে এল ৰাহুলক ভাৰতীয় দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে, কিয়নো শ্ৰেয়াছ আয়াৰ শৃংখলাৰ বাবে উপলব্ধ নহয়। ২০২৬ চনৰ এছিয়ান গেমছত তেওঁ ব্যস্ত থাকিব, য’ত তেওঁ ভাৰতীয় দলৰ অধিনায়ক হিচাপে থাকিব।
ৱেষ্ট ইণ্ডিজৰ দলটোৱে চলিত মাহত ভাৰত ভ্ৰমণ কৰি তিনিখন মেচৰ এদিনীয়া শৃংখলা আৰু পাঁচখন টি-২০ খেল খেলিব। ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা। প্ৰথমখন এদিনীয়া ২৭ ছেপ্টেম্বৰত তিৰুৱনন্তপুৰমত, দ্বিতীয়খন গুৱাহাটীত ৩০ ছেপ্টেম্বৰত, তৃতীয় তথা অন্তিমখন এদিনীয়া ৩ অক্টোবৰত নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব।
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে নিৰ্বাচিত হৈছে চাৰিগৰাকী বেগী বলাৰ। ইয়াৰ ভিতৰত আছে প্ৰসিদ্ধ কৃষ্ণা, গুৰনুৰ ব্ৰাৰ, মহম্মদ ছিৰাজ, আৰু আকিব নবী দাৰ। ইফালে স্পিনাৰ হিচাপে দলত স্থান দিয়া হৈছে কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাডেজাক। ৰিজাৰ্ভ উইকেটকীপাৰ হিচাপে নিৰ্বাচিত হৈছে ধ্ৰুৱ জুৰেলক। নীতিশ কুমাৰ ৰেড্ডীকো ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে টিম ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ ১৫ জনীয়া দল :
শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল (উইকেটকীপাৰ), ঋতুৰাজ গাইকোৱাড, ধ্ৰুৱ জুৰেল (ৰিজাৰ্ভ উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, প্ৰসিদ্ধ কৃষ্ণা, গুৰনুৰ ব্ৰাৰ, মহম্মদ ছিৰাজ, আকিব নবী দাৰ, যশস্বী জয়ছৱাল, আৰু নমন ধীৰ।


