ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ

Published:

দেওবাৰে ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিয়ে ৰাজ্যসভাৰ খালী হৈ থকা দুখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে পশ্চিম বংগৰ পৰা কোয়েল মল্লিক আৰু উত্তৰাখণ্ডৰ পৰা দীনেশ আৰ্যক ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

দুয়োখন আসনতেই বিজেপিয়ে সহজেই জয়ী হ’ব বুলি অনুমান কৰা হৈছে। কিয়নো পৰিসংখ্যা অনুসৰি দুয়োখন ৰাজ্যতে অৰ্থাত পশ্চিম বংগ আৰু উত্তৰাখণ্ডত বিজেপিৰ বিধায়কৰ সংখ্যা বিৰোধীতকৈ যথেষ্ট অধিক।

উল্লেখ্য যে এই দুখন আসনৰ বাবে অহা ১৬ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ হ’ব ভোটগ্ৰহণ। ভোটগ্ৰহণ অন্ত পৰাৰ পিছতেই ঘোষণা কৰা হ’ব ফলাফল।

কোয়েল মল্লিক

চলিত বৰ্ষৰ ৬ এপ্ৰিলত তৃণমূল কংগ্ৰেছৰ হৈ ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছিল কোয়ল মল্লিকে। কিন্তু ৰাজ্যখনত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল চৰকাৰৰ পতন হোৱাৰ পিছতে ১৬ জুলাইত ৰাজ্যসভাৰ সদস্যপদ আৰু তৃণমূলৰ পৰা হঠাতে পদত্যাগ কৰে মল্লিকে। ইয়াৰ পিছতে বিজেপিত যোগদান কৰে, আৰু এতিয়া দলটোৱে খালী আসনখনৰ বাবে তেওঁক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে।

POPULAR

RECENT ARTICLES

spot_img